অৰবিন্দ কেজৰিৱালৰ আৱাসলৈ বিজেপিয়ে পঠিয়াইছিল স্বাতী মালিৱালক !

সংবাদ মেল সম্বোধন কৰি আতিশী মাৰ্লেনাৰ অভিযোগ
অৰবিন্দ কেজৰিৱালৰ আৱাসলৈ বিজেপিয়ে পঠিয়াইছিল স্বাতী মালিৱালক !
অৰবিন্দ কেজৰিৱালৰ আৱাসলৈ বিজেপিয়ে পঠিয়াইছিল স্বাতী মালিৱালক !

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী আৱাসত আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ সৈতে সংঘটিত হোৱা কাণ্ডই লৈছে নতুন মূৰ। এই কাণ্ডৰ সৈতে এতিয়া নাম উচ্চাৰণ হৈছে বিজেপিৰ। আম আদমি পাৰ্টিয়ে স্পষ্টকৈ এইবাৰ অভিযোগৰ আঙুলি উঠালে বিজেপিৰ বিৰুদ্ধে।

দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপ নেত্ৰী আতিশী মাৰ্লেনাই এক সংবাদ মেল সম্বোধন কৰি আপৰ সাংসদ স্বাতী মালিৱালে বিজেপিৰ চক্ৰান্ততে এই সমগ্ৰ ঘটনাৰ কৌশল ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে ৰচনা কৰিছে নতুন কৌশল

আজি দিল্লীত এক সংবাদ মেল সম্বোধন কৰি আপৰ নেত্ৰী আতিশীয়ে কয়, ‘’বিজেপিয়ে এক কৌশল ৰচনা কৰিছিল। এই কৌশল বা চক্ৰান্তৰ অংশ হিচাপেই বিজেপিয়ে স্বাতীক মুখ্যমন্ত্ৰী কেজৰিৱালৰ আৱাসলৈ প্ৰেৰণ কৰিছিল।''

''এই চক্ৰান্তৰ উদ্দেশ্য আছিল অৰবিন্দ কেজৰিৱালৰ ওপৰত ভুৱা অভিযোগ উত্থাপন কৰা। স্বাতী এই চক্ৰান্তৰ এক চেহেৰাহে। স্বাতীয়ে বিনা অনুমতিৰে মুখ্যমন্ত্ৰীৰ আৱাসত গৈ উপস্থিত হৈছিল। তেওঁৰ উদ্দেশ্য আছিল মুখ্যমন্ত্ৰীৰ ওপৰত অভিযোগ অনা। কিন্তু সেই সময়ত মুখ্যমন্ত্ৰী তাত নাছিল। সেয়ে স্বাতীয়ে বিভৱ কুমাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।''

স্বাতীৰ অভিযোগ ভুৱা, তেওঁহে আৰক্ষীক ধমক দিছিল

আতিশী মাৰ্লেনাই সংবাদ মেলত দাবী কৰি কয় যে, স্বাতী মালিৱালে উত্থাপন কৰা সকলো অভিযোগেই ভুৱা। বৰঞ্চ স্বাতীয়েহে মুখ্যমন্ত্ৰীৰ আৱাসত সুৰক্ষাত থকা আৰক্ষীক ধমক দিছিল।

আতিশীয়ে কয়, ''স্বাতীয়ে যি অভিযোগ দাখিল কৰিছে সেই অভিযোগত তেওঁ কৈছিল যে তেওঁক বেয়াকৈ প্ৰহাৰ কৰা হৈছিল। তেওঁক ঘোচা মাৰিছিল। আঘাত পাইছিল। তেওঁ অভিযোগত কৈছিল সেই আঘাতৰ পাছত তেওঁ বিষত কেকাই আছিল। ইয়াৰোপৰি তেওঁ কৈছিল যে, স্বাতীৰ কাপোৰ ফালি পেলোৱা হৈছিল। কিন্তু এতিয়া যি ভিডিঅ’ পোহৰলৈ আহিছে সেই ভিডিঅ’ত তেওঁ অভিযোগ কৰাতকৈ বেলেগ দৃশ্যহে দেখা গৈছে। তেওঁহে আৰক্ষীক দাবী, ধমকি দি আছে। তেওঁ আৰামত বহি আছে। তেওঁৰ কাপোৰ ফলা নাই। কেৱল এটা বিষয়েই স্পষ্ট হৈছে যে তেওঁ সকলোকে ধমক দি আছে।

সঞ্জয় সিঙে এক পক্ষৰ কথা শুনিয়েই দিছিল প্ৰতিক্ৰিয়া

১৩ মে'ৰ পুৱা সংঘটিত হোৱা স্বাতী কাণ্ডৰ সন্দৰ্ভত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে এক সংবাদ মেলত মন্তব্য কৰিছিল। তেওঁ কৈছিল দল স্বাতীৰ লগত আছে। ইয়াৰোপৰি স্বাতীৰ সৈতে সংঘটিত হোৱা কাণ্ডক তেওঁ নিন্দাও কৰিছিল।

এই সন্দৰ্ভত আজি সাংবাদিকে আতিশীক প্ৰশ্ন কৰাত আতিশীয়ে কয় -সেই সময়ত সঞ্জয় সিঙে ঘটনাৰ সবিশেষ জনা নাছিল। এতিয়া সমগ্ৰ ঘটনা স্পষ্ট হৈছে। সেই সময়ত সঞ্জয় সিঙে কেৱল এটা পক্ষৰহে কথা শুনিছিল।

স্বাতী মালিৱালে কেজৰিৱালক আখ্যা দিলে 'হিটমেন'!

অৰবিন্দ কেজৰিৱালৰ চৰকাৰী আৱাসত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আজি নিজা এক্স হেণ্ডেলত স্বাতী মালিৱালে কাৰো নাম উল্লেখ নকৰাকৈ বহু কেইটা বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ লিখিছে- প্ৰত্যেকবাৰৰ দৰে এইবাৰো এই ৰাজনৈতিক 'হিটমেন'গৰাকীয়ে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা আৰম্ভ কৰি দিছে। নিজৰ মানুহৰ জৰিয়তে টুইট কৰোৱাই, আধা ভিডিঅ’ প্লে’ কৰি তেওঁ ভাবিছে এই অপৰাধ কৰিও নিজকে ৰক্ষা কৰিব। কোনোৱে কাৰোবাক মাৰপিট কৰাৰ সময়ত ভিডিঅ’ কৰে নেকি? ঘৰৰ ভিতৰৰ কেমেৰা আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰিলেই সত্য সকলোৰে সন্মুখলৈ আহিব।

ইয়াৰোপৰি তেওঁ লিখিছে, ''যিমান পৰ্যায়লৈ পৰিব পাৰে পৰি লওঁক। ভগৱানে সকলো দেখি আছে। এদিন নহয় এদিন সকলোৰে সত্য পোহৰলৈ আহিব।''স্বাতীৰ এই পোষ্ট এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। তেওঁ অৰবিন্দ কেজৰিৱালকেই ৰাজনৈতিক 'হিটমেন' আখ্যা দিছে বুলিও বহুতেই ক'ব বিচাৰিছে।

কি আছে ভাইৰেল হোৱা মুখ্যমন্ত্ৰীৰ আৱাসৰ ভিডিঅ'ত

অভিযোগ, প্ৰতি অভিযোগৰ মাজতে শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ এটা ভিডিঅ'। এই ভিডিঅ’ স্বাতী মালিৱালক প্ৰহাৰ কৰাৰ দিনটোৰে বুলি কোৱা হৈছে। ভিডিঅ’ত শুনিবলৈ পোৱা গৈছে সুৰক্ষা কৰ্মীসকলে স্বাতী মালিৱালক বাহিৰলৈ যাবলৈ কৈছে।

কিন্তু তেওঁ বাহিৰলৈ যাবলৈ অস্বীকাৰ কৰিছে। ইয়াৰোপৰি তেওঁ এখন চকীত বহি সুৰক্ষাত নিয়োজিত আৰক্ষী কৰ্মীসকলক বিভিন্নধৰণে ধমকো প্ৰদান কৰিছে।

উল্লেখ্য, বৃহস্পতিবাৰে স্বাতী মালিৱালে তেওঁৰ সৈতে হোৱা ঘটনাৰ সন্দৰ্ভত আৰক্ষীক ভাষ্য প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগেও নিজাকৈ এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছে।

অৰবিন্দ কেজৰিৱালৰ আৱাসলৈ বিজেপিয়ে পঠিয়াইছিল স্বাতী মালিৱালক !
কিয় সংবাদ মেল সম্বোধন নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে? নিজেই দিলে এই প্ৰশ্নৰ উত্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in