'প্ৰতিদিন' গোষ্ঠীৰ বাতৰিৰ প্ৰভাৱ : অধ্যক্ষৰ দুৰ্নীতিৰ তদন্তৰ বাবে বিদ্যালয়ত উপস্থিত জিলা আয়ুক্ত

'প্ৰতিদিন' গোষ্ঠীৰ বাতৰিৰ প্ৰভাৱ : অধ্যক্ষৰ দুৰ্নীতিৰ তদন্তৰ বাবে বিদ্যালয়ত উপস্থিত জিলা আয়ুক্ত
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ঐতিহ্যমণ্ডিত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মতিবুৰ ৰহমানৰ চৰম দুৰ্নীতি আৰু কেলেংকাৰী সন্দৰ্ভত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নিজে বিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। উল্লেখ্য যে, এই বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অভিভাৱক-ৰাইজৰ স্বাক্ষৰ সম্বলিত বহু অভিযোগ ইতিমধ্যে নগাঁও জিলা আয়ুক্ত, নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, অসমৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰাৰ লগতে চি এম ভিজিলেঞ্চতো অভিযোগ দাখিল কৰা হৈছিল।

ইয়াৰোপৰি অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমত বিগত দিনত এই বিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত বাতৰি প্ৰকাশ হৈছে। ৰাইজৰ অভিযোগ অনুসৰি অধ্যক্ষগৰাকী বিদ্যালয়ত অনুপস্থিত থকা আৰু নিৰ্ধাৰিত সময়ত কোনোদিনে উপস্থিত নথকাত দুৰ্বল প্ৰশাসনৰ বাবে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। প্ৰতিবছৰে ষষ্ঠ আৰু নৱমমান শ্ৰেণীৰ নামভৰ্তিৰ বাবে ২০ টকা ফিজ লৈ ছিট পৰীক্ষা পাতে যদিও কৌশলগতভাৱে ছিট পৰীক্ষাত ফেল কৰা দেখুৱাই, ছাত্ৰ-ছাত্ৰীৰ পৰা গোপনে ৫০০টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত নামভৰ্তি কৰোৱাৰো অভিযোগ উত্থাপিত হৈছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে।

তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অকৃতকাৰ্য ছাত্ৰ-ছাত্ৰীক পুনৰ নামভৰ্তিৰ বাবদ প্ৰতিগৰাকীৰ পৰা ৩০০ৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰা, মধ্যাহ্ন ভোজনত প্ৰত্যেক দিনাই অতি নিম্নমানৰ খাদ্য যোগান ধৰাৰ বাবে প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৮/১০কেজি চাউলৰ খাদ্য প্ৰস্তুত কৰা আৰু ৬০/৭০জন ছাত্ৰ-ছাত্ৰীয়ে খায় যদিও প্ৰায় ১০০ শতাংশই উপস্থিতি দেখুৱাই আৱন্টিত ধন আৰু চাউল আত্মসাৎ কৰা আদি বিভিন্ন অভিযোগৰ ভিত্তিত জিলা আয়ুক্তই নিজে উপস্থিত হৈ বিদ্যালয়ৰ গুডামত থকা বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ পচা চাউল দৃষ্টিগোচৰ কৰে। আয়ুক্ত গৰাকীয়ে বিদ্যালয় খনত সংঘটিত দুৰ্নীতি সন্দৰ্ভত তদন্তৰ পৰা পোৱা তথ্য অনুসৰি বিহিত ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in