তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ আহিব আপৰ নেত্ৰী আতিশী

তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ আহিব আপৰ নেত্ৰী আতিশী

author-image
Asomiya Pratidin
New Update
তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ আহিব আপৰ নেত্ৰী আতিশী

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিব আম আদমী পাৰ্টিৰ নেত্ৰী আতিশী মাৰ্লেনা। ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব দলৰ নেত্ৰীগৰাকীয়ে ।

Advertisment

এই উপলক্ষে অহা ৮ এপ্ৰিলত ডিব্ৰুগড়ত উপস্থিত হ'ব আতিশী মাৰ্লেনা। দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰৰ বাবে এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে। বিয়লি আপ নেত্ৰীগৰাকী ডিব্ৰুগড় টাউন হলত সংবাদ মাধ্য়মৰ সৈতে বিশেষ মত বিনিময় অনুষ্ঠানত মিলিত হব।

দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আনহাতে, ১০এপ্ৰিলত পুৱা শোণিতপুৰ লোকসভা সমষ্টিত আতিশীয়ে তেজপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এটা ৰোড শ্ব'ত অংশ ল'ব।

Also Read: বাক্সাত বিনামূলীয়া বিহু কৰ্মশালা...

campaign atishi marlena aap election