বাক্সাত বিনামূলীয়া বিহু কৰ্মশালা...

বাক্সাত বিনামূলীয়া বিহু কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
বাক্সাত বিনামূলীয়া বিহু কৰ্মশালা...

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত মুছলপুৰত ৬দিনীয়াকৈ অনুষ্ঠিত হৈছিল বিনামূলীয়া বিহু কৰ্মশালা। নতুন প্ৰজন্মৰ এক শতাধিক নাচনী আৰু ঢুলীয়াৰ অংশগ্ৰহণেৰে আৰম্ভ কৰা বিহু কৰ্মশালা খনি শনিবাৰে সামৰণি পৰে ।

Advertisment

সামৰণি অনুষ্ঠানত বাক্সা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰিদীপ কুমাৰ ডেকা, সম্পাদক নৱ মেধি, যুৱ মৰ্চাৰ সভাপতি সুভাষ ভট্টৰায়, সম্পাদক মানস প্ৰতীম কলিতাৰ উপস্থিতিত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰায় ডেৰশ প্ৰশিক্ষাৰ্থী ঢুলীয়া-নাচনীক মানপত্ৰ প্ৰদান কৰা হয় ।

বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি বাক্সা বিজেপিৰ সাধাৰণ সম্পাদক ৰিদীপ কুমাৰ ডেকাই কয় যে, নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আগ্ৰহী নৱ প্ৰজন্মক নিচাৰ পৰা আতঁৰাই ৰাখি তেওঁলোকক নৃত্যশিল্প, কৃষ্টি-সংস্কৃতি, ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰিবলৈ আমাৰ প্ৰয়াস অব্যাহত থকাৰ কথা ব্যক্ত কৰে ।

Also Read: "NO Road No Vote" শ্ল'গানেৰে উত্তাল ৰহা...

bihu workshop baksha