ভুপেন বৰালৈ আপ অসমৰ চিঠিঃ আমি ৩টা সমষ্টিত প্ৰাৰ্থী দিলো, বাকী ১১টাত আপোনালোকে দিয়ক...

ভুপেন বৰালৈ আপ অসমৰ চিঠি
ভুপেন বৰালৈ আপ অসমৰ চিঠি

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমত বিৰোধী শক্তি ক্ৰমান্বয়ে শক্তিহীন হোৱা পৰিলক্ষিত হৈছে। অকলেই নিৰ্বাচন খেলাৰ মানসিকতাৰে সকলোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাজ। লোকসভা নিৰ্বাচনত ৩সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰাৰ পাছত আপ অসমে শেহতীয়াকৈ বিৰোধী ঐক্য মঞ্চ, অসমৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰালৈ প্ৰেৰণ কৰিছে এখন পত্ৰ।

এই পত্ৰ প্ৰেৰণ কৰিছে আপ অসমৰ সভাপতি ড০ ভবেন চৌধুৰীয়ে। পত্ৰত উল্লেখ কৰা হৈছে যে, অসমৰ তিনিটা সমষ্টিত আপে প্ৰাৰ্থিত্ব দিছে আৰু মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি আন ১১টা লোকসভা সমষ্টি এৰি দিছে বিৰোধী ঐক্য মঞ্চক। এই তিনিটা সমষ্টিৰ নিৰ্বাচনত আপে সহযোগিতা বিচাৰি আন ১১টা সমষ্টিত আপেও বিৰোধী ঐক্যৰ প্ৰক্ষেপিত প্ৰাৰ্থীক সহায় কৰিব বুলি পত্ৰখনত উল্লেখ কৰিছে।

পত্ৰখনত অতি সোনকালে আন ১১টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈও ভুপেন বৰাক আহ্বান জনাইছে ডা০ ভবেন চৌধুৰীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে আপে ডিব্ৰুগড়, শোণিতপুৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

ভুপেন বৰালৈ আপ অসমৰ চিঠি
চৰকাৰ কঠোৰঃ আন্দোলন কৰিলেই লগে লগে গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in