উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা
উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা

চৰকাৰ কঠোৰঃ আন্দোলন কৰিলেই লগে লগে গ্ৰেপ্তাৰ...

উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা

ডিজিটেল ডেস্কঃ আন্দোলন কৰিলেই লগে লগে গ্ৰেপ্তাৰ। কঠোৰ হৈছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ। শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি যোগী আদিত্যনাথে এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। আগন্তুক ৬মাহলৈ উত্তৰ প্ৰদেশৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আন্দোলন।

প্ৰাপ্ত তথ্য অনুসৰি, এই কঠোৰ নিৰ্দেশনা ইতিমধ্যে ৰাজ্যখনৰ সকলো বিভাগৰ কৰ্মচাৰীৰ লগতে নিগম-নিকায়সমূহলৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যখনৰ মুখ্য সচিব ডা০ দেবেশ চৰ্তুবেদীয়ে ইতিমধ্যে এই নিৰ্দেশ জাৰি কৰিছে। 

এই নিৰ্দেশত উল্লেখ আছে যে, কোনো ব্যক্তি বা কোনো বিভাগ, নিগম-নিকায়ৰ চৰকাৰী কৰ্মচাৰী আন্দোলনত বহিলে বিনা ৱাৰেন্টত গ্ৰেপ্তাৰ কৰা হব। শেহতীয়াকৈ কৃষক আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা
চাপৰমুখত আৰক্ষীৰ অভিযান...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in