উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক 'আপ' অসমৰ আদৰণি...

দিল্লীৰ শাসন ব্যৱস্থাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পাঁচ জনীয়া বিচাৰপীঠে দিয়া ঐতিহাসিক ৰায়দানক আদৰণি

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক 'আপ' অসমৰ আদৰণি...

ডিজিটেল ডেস্ক : দিল্লীৰ শাসন ব্যৱস্থাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পাঁচ জনীয়া বিচাৰপীঠে দিয়া ঐতিহাসিক ৰায়দানক আম আদমি পাৰ্টি অসম ৰাজ্যিক সমিতিয়ে আদৰণি জনাইছে। ৰায়দান মতে এতিয়াৰে পৰা দিল্লীৰ প্ৰশাসনিক অধিকাৰ কেন্দ্ৰ চৰকাৰৰ পৰিৱৰ্তে দিল্লীৰ "আপ" চৰকাৰৰ হাতত থাকিব আৰু উপ-ৰাজ্যপালে আন ৰাজ্যসমূহৰ দৰে চৰকাৰৰ পৰামৰ্শ মানিব লাগিব।

Advertisment

লগতে ৰাজ্যৰ প্ৰশাসনৰ যুটীয়া সচিবৰ ওপৰ পৰ্যায়ৰ সকলো নিযুক্তি দিব পাৰিব ৰাজ্য চৰকাৰে। এক প্ৰেছ বিবৃতিযোগে আপৰ ৰাজ্যিক সভাপতি ডা: ভবেন চৌধুৰীয়ে এই ৰায়দানক আদৰণি জনাই কয় যে "দিল্লীত আপৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দিল্লীৰ ওপৰত থকা কেন্দ্ৰৰ অধিকাৰ সমূহৰ সুবিধা কেন্দ্ৰীয় চৰকাৰে উপ-ৰাজ্যপালৰ যোগে আপ চৰকাৰৰ প্ৰতিটো উন্নয়নমূলক কামতে বাধাৰ সৃষ্টি কৰাটো নিয়মীয়া ঘটনাত পৰিণত হৈছিল।

বিশেষকৈ চৰকাৰ এখনৰ মূল চালিকা শক্তি যুটীয়া সচিবৰ ওপৰৰ বিষয়াৰ নিযুক্তি প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ হাতত থকা সুবিধা লৈ নৰেন্দ্ৰ মোডী চৰকাৰে নিজৰ মানুহ বহুৱাই আপ চৰকাৰৰ প্ৰতিটো কামত অসুবিধা দি আহিছিল। সেয়েহে এই বিষয়টোলৈ আম আদমি পাৰ্টীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লগা হৈছিল।"

Also Read: আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস...

aam admi party