/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8ad8778c-8feb-46c0-9aaf-4a981df6dc54/AP_FOR_WEB_bird.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস ৷ পৰিভ্ৰমী পক্ষী সমূহৰ সংৰক্ষণৰ সজাগতাৰ বাবে সমগ্ৰ বিশ্বতে আজিৰ দিনটো বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস হিচাবে পালন কৰি আহিছে প্ৰকৃতি প্ৰেমী সকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/83950875-442f-4827-a42e-d7df0b8975b0/Screenshot__216_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/20bac026-9a20-444d-acf6-9f78f2720bdb/Screenshot__215_.png)
পৰিভ্ৰমী পক্ষীৰ পৰিৱেশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিকা অন্যতম ৷ শীতকালত কাজিৰঙালৈ আগমন হোৱা ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে এক নান্দনিক পৰিৱেশৰ সূচনা কৰে কাজিৰঙাৰ জলাশয় সমূহত ৷ বিশেষভাৱে ধৃতৰাজ, দেউহাঁহকে আদি কৰি ভিন্ন প্ৰজাতিৰ পক্ষীৰ জাকে অগৰাতলি বনাঞ্চলৰ চহলা বিল পৰ্যটকৰ বাবে কৰি তোলে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/25ba07fb-6f48-4d88-a90a-9fbd0072b321/Screenshot__219_.png)
তাৰ মাজতে পেলিকান পক্ষীবোৰে সুৱগা চৰাই ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয় সমূহত ৷ যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পক্ষী পৰ্যটনৰ দিশতো হৈ পৰিছে বিশ্ব বিখ্যাত ৷ এই সমূহ পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণৰ বাবেই আজিৰ দিনটোক বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস হিচাবে পালন কৰা হয়। কিয়নো সময়ৰ গতিত বহু পৰিভ্ৰমী পক্ষী ইতিমধ্যেই নোহোৱা হৈছে। সময় থাকোতেই এই পৰিভ্ৰমী পক্ষীসমূহক সংৰক্ষণ নকৰিলে কালক্ৰমত হেৰাই যোৱাৰ উপক্ৰম হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d3a2581e-b802-40c6-9576-8e542bf2e8d8/Screenshot__220_.png)
Also Read: মৃত ব্য়ক্তিৰ নামত ধন সৰকাই গ্ৰেপ্তাৰ ৬জনকৈ পঞ্চায়ত কৰ্মী...