ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ নৱনিযুক্ত অধিনায়ক অপূর্ণা নাৰ্জাৰীলৈ আপৰ শুভেচ্ছা...

ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ নৱনিযুক্ত অধিনায়ক অপূর্ণা নাৰ্জাৰীলৈ আপৰ শুভেচ্ছা

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ নৱনিযুক্ত অধিনায়ক অপূর্ণা নাৰ্জাৰীলৈ আপৰ শুভেচ্ছা...

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে অসম কন্যা অপূর্ণা নাৰ্জাৰীয়ে। নাৰ্জাৰীৰ এই সফলতাত আম আদমি পার্টীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

এক শুভেচ্ছা বার্তাত দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অপূর্ণাৰ এই ৰাষ্ট্ৰীয় স্বীকৃতিত আনন্দ প্রকাশ কৰি কয় যে, "অপূর্ণাৰ এই বাতৰিয়ে অসমৰ ক্ৰীড়া জগতক আৰু অধিক আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব।"

অপর্ণাৰ নেতৃত্বত আগন্তুক দিনত ভাৰতীয় মহিলা ফুটবল দলে সুন্দৰ খেল প্ৰদৰ্শন কৰি দেশৰ নাম উজ্বলাই তুলিব বুলি দলটোৱে আশা প্রকাশ কৰে।

Also Read: মণিপুৰৰ হিংসাত্মক পৰিস্থিতিকলৈ প্ৰধানমন্ত্ৰীৰে আলোচনা অমিত শ্বাহৰ...

aam admi party