মিত্ৰতা নে শত্ৰুতা! নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ- আপৰ মাজত সংঘাতৰ উকমুকনি

মিত্ৰতা নে শত্ৰুতা! নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ- আপৰ মাজত সংঘাতৰ উকমুকনি

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে আসন ভাগ-বতৰাক লৈ বিৰোধী মৰ্চা ইণ্ডিয়াত সমস্যাই দেখা দিছে। কোনে, ক'ত নিৰ্বাচন খেলিব তাক লৈ এতিয়াও ঠিক হোৱা নাই ইণ্ডিয়াৰ। ইয়াৰ সলনি পৃথকে পৃথকে শক্তি প্ৰৰ্দশনৰ চেষ্টা কৰিছে আপ আৰু কংগ্ৰেছে।

দেওবাৰে কংগ্ৰেছ আৰু আপে পঞ্জাৱত পৃথকে পৃথকে জনসভা সম্বোধন কৰে। অৰবিন্দ কেজৰিৱালে পঞ্জাৱৰ জনতাক সম্বোধন কৰি লোকসভা নিৰ্বাচনত আটাইকেইখন আসন আপক দিবলৈ আহ্বান জনায়।

বাথিন্দাত আম আদমী পাৰ্টিৰ লগতে কংগ্ৰেছেও ৰেলী কৰে। এফালে নৱজোত সিং সিদ্ধুৱে আনফালে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰেলী কৰে। উল্লেখ্য যে এই দুয়োটা দল ইণ্ডিয়া মিত্ৰজোটৰ অংশ হোৱাৰ পাছতো পঞ্জাৱ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই।

কেজৰিৱালে কয় যে, দিল্লীৰ পাছত পঞ্জাৱত আপে ডাঙৰ জয় লাভ কৰিছে। ১১৭ খন আসনৰ ৯২ খন আপৰ দখলত আছে। আশা কৰা হৈছে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আপে ১১০ তকৈ অধিক আসনত জয় লাভ কৰিব। কেজৰিৱালে কয়, "আমাক চণ্ডিগড়ত এখন আসন আৰু পঞ্জাৱৰ ১৩ খন আসনৰ ১৩ খন দিয়ক।

আনহাতে মেহৰাজ গাঁৱত অনুষ্ঠিত কংগ্ৰেছৰ ৰেলীত নৱজ্যোত সিং সিদ্ধুৱে আপক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে যিসকলে ৰংলা কেজৰিৱালে মিছা কৈ চৰকাৰ গঠন কৰিছিল। ৰাজ্যখনত আইন-শৃংখলাৰ অৱনতি ঘটিছে। ইয়াৰ পূৰ্বে শনিবাৰে সিদ্ধুৱে এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। য'ত কৈছিল "নিৰ্বাচনৰ আগতে কেজৰিৱাল আৰু ভগৱন্ত মানে মিছা কথা কয় । বালি আৰু সুৰা মাফিয়াৰ ওপৰত আপ চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। ড্ৰাগছ, চোৰাং ব্যৱসায়ী আৰু আৰক্ষীৰ মাজৰ সম্পৰ্ক শেষ নোহোৱালৈকে, পঞ্জাৱত ড্ৰাগছ শেষ হ'ব নোৱাৰে।

আপৰ সৈতে মিত্ৰতাৰ প্ৰশ্নত সিদ্ধুৱে কৈছিল যে তেওঁ হাইকমাণ্ডৰ নিৰ্দেশত এজন সৈনিক হিচাপে মিত্ৰতাৰ বাবে কাম কৰিব।

উল্লেখ্য যে, আপো পঞ্জাৱৰ আটাইকেইখন বিচৰাৰে সম্ভাৱণা আছে। যদি এনে হয় তেন্তে এক ডাঙৰ সমস্যাই দেখা দিব মিত্ৰজোটৰ সন্মুখত। আপে সম্ভৱত অকলে নিৰ্বাচন খেলাৰ যো জা চলাই আছে। ইণ্ডিয়াৰ হাইকামাণ্ডে কেনেদৰে নিয়ন্ত্ৰণ কৰে এই যুঁজ সেয়াও হ'ব লক্ষণীয়।

মিত্ৰতা নে শত্ৰুতা! নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ- আপৰ মাজত সংঘাতৰ উকমুকনি
বিস্ফোৰণঃ বিশেষভাৱে সক্ষম পিতৃ-মাতৃয়ে হেৰুৱালে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কন্যাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in