বিস্ফোৰণঃ বিশেষভাৱে সক্ষম পিতৃ-মাতৃয়ে হেৰুৱালে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কন্যাক

বিস্ফোৰণঃ বিশেষভাৱে সক্ষম পিতৃ-মাতৃয়ে হেৰুৱালে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কন্যাক

ডিজিটেল ডেস্কঃ কন্যাৰ মৃতদেহ বিচাৰি হাবাথুৰি খাইছে এগৰাকী পিতৃয়ে। ঘন্টাৰ পাছত ঘন্টা ধৰি অপেক্ষা কৰাৰ পাছতো লাভ কৰা নাই মৃতদেহ। এই ঘটনা মহাৰাষ্ট্ৰৰ নাগপুৰৰ।

দেওবাৰে নাগপুৰৰ ছোলাৰ ইণ্ডাষ্ট্ৰিজ ইণ্ডিয়া লিমিটেডত হোৱা বিস্ফোৰণত ৯ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ৩ জন । মৃত সকলৰ ভিতৰত ৬ গৰাকী মহিলা আছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত শ্ৰমিকৰ পৰিয়ালৰ লোকে ঘটনাস্থলীত তীব্ৰ প্ৰদৰ্শন কৰাও দেখা যায়।

মৃতকৰ পৰিয়ালৰ দাবী- মৃতদেহ চাবৰ বাবে তেওঁলোকক কোম্পানীৰ ভিতৰত প্ৰৱেশ কৰিব দিব লাগে। জানিব পৰা মতে মৃতদেহ সমূহ এতিয়াও বিস্ফোৰণ হোৱা স্থানতেই আছে। পুৱা প্ৰায় ৯ বজাত সংঘটিত হৈছিল এই ঘটনা।

এই ঘটনাত প্ৰাণ যোৱা ৯ গৰাকীৰ ভিতৰত আছে নীলকণ্ঠৰাও সহাৰেৰ কন্যা আৰতী(২২)। পৰিয়ালৰ একমাত্ৰ আৰতীয়ে আছিল যিয়ে ঘৰৰ খৰচ বহন কৰিছিল। তেওঁৰ পিতৃ-মাতৃ বিশেষভাৱে সক্ষম। ইয়াৰ লগতে আৰতীৰ সৰু ভগ্নীও আছে।

প্ৰতিবাদকাৰী সকলৰ ভিতৰত আছে আৰতীৰ পিতৃ। বিষাদ সনা মুখ লৈ তেওঁ কেৱল পুৱা ৯.৩০ বজাৰ পৰা মৃত কন্যাৰ মৃতদেহ চাবলৈ ৰৈ আছে। তেওঁ কয়- মোক একো নালাগে। কেৱল মোক মোৰ কন্যাৰ মৃতদেহটো ঘূৰাই লাগে।

আৰক্ষীৰ মতে সশস্ত্ৰ বাহিনীৰ বাবে ড্ৰোন আৰু বিস্ফোৰক নিৰ্মাণ কৰে কোম্পানীটোয়ে। এনে সামগ্ৰীসমূহ সুৰক্ষিতভাৱে ৰাখিব লাগে। বহু সময়ত অসাৱধানতাৰ বাবে এনে ঘটনা সংঘটিত হয়।

মহাৰাষ্ট্ৰ উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছে এই ঘটনাৰ ওপৰত শোক প্ৰকাশ কৰে। লগতে কয় যে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালৰ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। মুখ্যমন্ত্ৰী একনাথ সিন্দে ইতিমধ্যে ইয়াত মঞ্জুৰী প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in