আমাৰ বিৰুদ্ধে বিজেপিয়ে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছেঃ আপ

আমাৰ বিৰুদ্ধে বিজেপিয়ে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছেঃ আপ

author-image
Asomiya Pratidin
New Update
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰৰ জাল মোডী বাহিনীৰ: আপ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত ইডিয়ে চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। ইতিমধ্যে এই গোচৰৰ বাবে কাৰাগাৰত আছে মন্ত্ৰী সৈতেন্দ্ৰ জৈন আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া।

ইয়াৰ মাজতে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে উত্থাপন কৰি কয় যে, কেজৰিৱালৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে। কেৱল গ্ৰেপ্তাৰ নহয়, তেওঁলোকে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এটা ডাঙৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে।

দিল্লীৰ এখন আদালতে সঞ্জয় সিঙৰ ন্যায়িক জিম্মা ২৪ নৱেম্বৰলৈ বৃদ্ধি কৰিছে। বিশেষ ন্যায়াধীশ এম কে নাগপালে সঞ্জয় সিঙক সাংসদ হিচাপে উন্নয়নমূলক কামৰ সৈতে সম্পৰ্কিত কিছুমান নথিপত্ৰত স্বাক্ষৰ কৰিবলৈ অনুমতি দিছিল। ধনৰ কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ হৈছিৱ সঞ্জয় সিং।

আনহাতে এই সকলো ঘটনাক্ৰম বিজেপিৰ কথা মতেই হৈ থকা বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। তেওঁ কয় যে যতেই আপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাতেই বিজেপি ধ্বংস হৈছে। গতিকে এতিয়া বিজেপিয়ে বুজি পাইছে যে আপৰ নেতাসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বাহিৰে আন উপায় নাই।

Also Read: বিশিষ্ট সাংবাদিক,লেখক অপুৰ্ব কুমাৰ বৰুৱাই অনুবাদ কৰি উলিয়ালে ''গো-গংগা-গায়ত্ৰী''

bjp