বিশিষ্ট সাংবাদিক,লেখক অপুৰ্ব কুমাৰ বৰুৱাই অনুবাদ কৰি উলিয়ালে ''গো-গংগা-গায়ত্ৰী''

অসমৰ বিশিষ্ট সাংবাদিক,লেখক,সাপ্তাহিক ধনশিৰি কাকতৰ স্বত্বাধিকাৰ অপুৰ্ব কুমাৰ বৰুৱাই অনুবাদ কৰি উলিয়াইছে "গো,গংগা,গায়ত্ৰী

author-image
Asomiya Pratidin
New Update
 বিশিষ্ট  সাংবাদিক,লেখক অপুৰ্ব কুমাৰ বৰুৱাই  অনুবাদ কৰি উলিয়ালে ''গো-গংগা-গায়ত্ৰী''

ডিজিটেল সংবাদ, গোলাঘাট: অসমৰ বিশিষ্ট সাংবাদিক,লেখক,সাপ্তাহিক ধনশিৰি কাকতৰ স্বত্বাধিকাৰ অপুৰ্ব কুমাৰ বৰুৱাই অনুবাদ কৰি উলিয়াইছে "গো,গংগা,গায়ত্ৰী।" এই বাংলা ভাষাৰ পুথি খনৰ এটি অসমীয়া সংকলন শুকুৰবাৰে উন্মোচন কৰা হয়।

অনুবাদক বৰুৱাৰ পূৰ্বপুৰুষে ডেৰশ বছৰৰ পৰা সংৰক্ষণ কৰি ৰখা "গো গংগা গায়ত্ৰী" নামৰ বাংলা ভাষাৰ আপুৰুগীয়া গ্ৰন্থৰ সংক্ষিপ্ত অসমীয়া অনুবাদ সংকলনটিৰ নাম দিয়া হৈছে“ "প্ৰাচীন ভাৰতীয় আয্যশিক্ষা গায়ত্ৰী আৰু ব্ৰহ্মচায্য"।

এই উপলক্ষে গোলাঘাট চহৰৰ নৱগ্ৰহ মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজ কৰ্মী কৰুণ শইকীয়াই। মধুমঞ্জুৰী অধ্যাপকে মঙ্গলাচৰণ কৰাৰ পিছতে গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচনকৰে ন-গোসাঁই সত্ৰৰ সত্ৰাধিকাৰ ৰোহিনী বল্লভ গোশ্বামী ; মধুমিশ্ৰ সত্ৰৰ সত্ৰাধিকাৰ পুৰঞ্জয় গোস্ৱামী ; বিশিষ্ট সংস্কৃত পণ্ডিত জীতেন শাস্তি ;আৰু সাংবাদিকতথা শিশু সাহিত্যিক বিকাশ শৰ্মাই ৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্যামল ভট্তাচাৰ্যই। এক গাম্ভীৰ্য পূৰ্ণ পৰিবেশত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য পোন প্ৰথম বাৰৰ বাবে অসমীয়া ভাষাত প্ৰকাশ হোৱা এই গ্ৰন্থখন যোৰহাটৰ "ইষ্টান ৰিৰ্ডাছ পাব্লিকেশ্যনে" প্ৰকাশ কৰি উলিয়াইছে।

Also Read: ৰাষ্ট্ৰীয় সাঁতোৰত যোৰহাটৰ ৫ খেলুৱৈৰ সফলতা অৰ্জন