সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তিৰে নিৰ্বাচন আয়োগক স্মাৰক-পত্ৰ আপৰ...

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তিৰে নিৰ্বাচন আয়োগক স্মাৰক-পত্ৰ আপৰ...
সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তিৰে নিৰ্বাচন আয়োগক স্মাৰক-পত্ৰ আপৰ...

ডিজিটেল সংবাদ গুৱাহাটীঃ আম আদমি পাৰ্টীৰ এটা সজাতি দলে দিল্লীস্থিত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আপক প্ৰতিনিধিত্ব কৰে ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই।

আয়োগক আম আদমি পাৰ্টীয়ে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত প্ৰস্তুত কৰা খচৰাখনৰ বিৰোধিতা কৰি এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী জনায়। যিহেতু ২০১১ চনৰ লোকপিয়লৰ তথ্য আমাৰ হাতত আছে আৰু জম্মু আৰু কাশ্মীৰত ২০১১ৰ লোকপিয়লৰ ভিত্তিতে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ইতিমধ্যে কৰিছে, সেয়ে অসমতো ২০১১ক ভিত্তিবর্ষ হিচাপে ল'ব লাগে বুলিও দাবী জনায়।

আপে কয়, মাত্ৰ কেইটামান বছৰৰ বাবে কাৰ্যকৰী হ'বলগীয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণত কোনো সুফল নাপায় অসমৰ জনতাই। সেয়ে ২০২৬ চনৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ'বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতে অসমতো এই কাম কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগক কৰিবলৈ নিৰ্বাচন আয়োগে এৰি দিব লাগে ।

আম আদমি পার্টীয়ে নির্বাচন আয়োগক আঙুলীয়াই দিয়ে যে, এই খচৰাখনত কেইবাটাও ইতিহাস বিজড়িত সমষ্টি হয় নোহোৱা কৰি দিয়া হৈছে বা ঐতিহাসিক গুৰুত্ব কমাই দিয়া হৈছে। নির্বাচন আয়োগৰ এনে কাৰ্যই বহু লোকক ক্ষোভিত কৰি তুলিছে। নাগৰিকৰ আবেগ জড়িত হৈ থকা এনে কাৰ্য নকৰিবলৈ আম আদমি পাৰ্টীয়ে দাবী জনায়।

খচৰাখনত প্ৰস্তাৱিত সমষ্টিসমূহৰ ভৌগলিক নিৰবচ্ছিন্নতাও উপেক্ষা কৰা হৈছে। এখন পঞ্চায়তক কেবাটাও ভাগ কৰি তিনিটা পর্যন্ত সমষ্টিত সংলগ্ন কৰা কাৰ্য প্ৰশাসনিক দিশৰ পৰা কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে। আনকি এনে কৰা হৈছে যে, মূল সমষ্টিটোৰ পৰা ৫০ কিলোমিটাৰ আঁতৰৰ এখন বা দুখন গাঁও লগ লগাই দিয়া হৈছে। এনে কাৰ্য বিধি বহির্ভূত বুলি আপে অভিযোগ কৰে ।

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তিৰে নিৰ্বাচন আয়োগক স্মাৰক-পত্ৰ আপৰ...
জাইকাৰ গাফিলতিঃ গুৱাহাটীত পুনৰ ফুটিল পানীৰ পাইপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in