ক'তো শুনিবলৈ নাই আপৰ নামঃ ৩ ৰাজ্যত দলটোৱেও দিছিল ২১৩ প্ৰাৰ্থী...

ক'তো শুনিবলৈ নাই আপৰ নামঃ ৩ ৰাজ্যত দলটোৱেও দিছিল ২১৩ প্ৰাৰ্থী...
ক'তো শুনিবলৈ নাই আপৰ নামঃ ৩ ৰাজ্যত দলটোৱেও দিছিল ২১৩ প্ৰাৰ্থী...

ডিজিটেল ডেস্কঃ দিন বেয়া চলিছে আম আদমি পাৰ্টীৰ। দলটোৰ এজনৰ পাছত এজনকৈ নেতাক সুৰা কেলংকাৰীৰ গোচৰত ই ডিয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ নিক্ষেপ কৰাৰ উপৰিও দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো গ্ৰেপ্তাৰ হোৱাৰ আশংকাত ভূগি আছে। এই দলটোৱে ইতিমধ্যে দিল্লীৰ পাছত পঞ্জাৱ দখল কৰাৰ লগতে হিমাচল, গোৱা আদি ৰাজ্যতো উন্নত প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰিছে।

প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে অৰবিন্দ কেজৰিৱালে। ইয়াৰ মাজতে আকৌ দলীয় ভেঁটি নথকা ৰাজ্যতো প্ৰাৰ্থী প্ৰক্ষেপ কৰি দলটোৱে ভোট বিভাজনত লিপ্ত হোৱাৰো অভিযোগ নতুন নহয়।

সেয়ে চাৰিখন ৰাজ্যৰ ভোটগণনা চলি থকাৰ মাজতে আম আদমি পাৰ্টীক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। তিনিখনকৈ ৰাজ্যত ২০০ ৰো অধিক প্ৰাৰ্থী প্ৰক্ষেপ কৰা দলটোৰ নামেই এই মুহূৰ্তলৈকে কাৰো মুখত স্মৰণ হোৱা নাই।

হয়তো প্ৰাৰ্থী প্ৰক্ষেপ কৰা ৰাজ্য কেইখনৰ ভোটাৰেও নাজানে তেওঁলোকৰ সমষ্টিত আপৰ প্ৰাৰ্থী প্ৰেক্ষপ কৰাৰ কথা। বৰ্তমানলৈকে অব্যাহত থকা ভোটগণনা অনুসৰি ৪ ৰাজ্যৰ ভিতৰত ৩ ৰাজ্য ক্ৰমে ছত্তিশগড়ত আপে ০.৯৩ শতাংশ ভোট লাভ কৰিছে। এই ৰাজ্যখনৰ ৯০ খন আসনৰ ভিতৰত আপে প্ৰক্ষেপ কৰিছিল ৫৭ খন আসনত তেওঁলোকৰ প্ৰাৰ্থী।

মধ্য়প্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত ৭০ খনত আপে প্ৰক্ষেপ কৰিছিল তেওঁলোকৰ প্ৰাৰ্থী। এই ৭০ খন আসন মিলাই তেওঁলোকে এই মুহূৰ্তলৈকে ০.৫০ শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে।

১৯৯ খন আসনত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজস্থানত আপে প্ৰক্ষেপ কৰিছিল সৰ্বাধিক ৮৬ জন প্ৰাৰ্থী। এই ৮৬ জন প্ৰাৰ্থী মিলাই এই মুহূৰ্তলৈকে ৰাজ্যখনত আপে লাভ কৰিছে ০.৩৮ শতাংশ ভোট।

এই আটাইকেইখন ৰাজ্যত দূৰ দূৰণিলৈকে শুনিবলৈ নাই এই দলটোৰ নাম। মুঠ ২১৩ জনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি এজনকো বিজয়ী কৰিবলৈ সক্ষম নোহোৱা দলটোৱে ইয়াৰ পৰা শিক্ষা ল'বনে বুলিও প্ৰশ্নৰ উদয় হৈছে?

প্ৰতিখন ৰাজ্যতে প্ৰাৰ্থী প্ৰক্ষেপ কৰি ভোট বিভাজনৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগেৰে অভিযুক্ত আপৰ এনে প্ৰদৰ্শন তথা সিদ্ধান্ত যে ঐক্যবদ্ধ বিৰোধী ৰাজনৈতিক গোটৰ বাবে যে শুভলক্ষণ নহয় সেয়া নিশ্চিত।

ক'তো শুনিবলৈ নাই আপৰ নামঃ ৩ ৰাজ্যত দলটোৱেও দিছিল ২১৩ প্ৰাৰ্থী...
জনতাৰ জনাদেশ বিনম্ৰতাৰে মানি ল'লে ৰাহুল গান্ধীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in