ৰামঠগন : ইনষ্টাগ্ৰামৰ জৰিয়তে ৩০০টকাৰ নকল সোণ ৬কোটি টকাত বেচিলে এগৰাকী যুৱকে...

ৰামঠগন : ইনষ্টাগ্ৰামৰ জৰিয়তে ৩০০টকাৰ নকল সোণ ৬কোটি টকাত বেচিলে এগৰাকী যুৱকে...

ডিজিটেল ডেস্ক : ৰামঠগন বুলি হয়তো ইয়াকেই কয়। আকৌ এবাৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ নাম বদনামী হ’ল। ৩০০টকাৰ নকল সোণৰ জুৱেলাৰী ৬কোটি টকাত বিক্ৰী কৰিলে ৰাজস্থানৰ জয়পুৰৰ এগৰাকী অসাধু ব্যৱসায়ীয়ে। আমেৰিকাৰ এগৰাকী মহিলাক এনেদৰে ৰামঠগন দি এতিয়া আৰক্ষীৰ লকআপত কান্দিছে এগৰাকী ব্যৱসায়ীয়ে।

ছেৰিজ নামৰ এগৰাকী মহিলাই কিছুদিনৰ পূৰ্বে ৰাজস্থান ফুৰিবলৈ আহিছিল। জয়পুৰৰ ৰজাদিনীয়া প্ৰসাদসমূহৰ সন্মুখতে এখন জুৱেলাৰী দোকানৰ পৰা তেওঁ কিনিছিল কিছু সোণৰ আ অলংকাৰ।

প্ৰায় ৬কোটি টকাৰে উক্ত আ-অলংকাৰখিনি নিজৰ দেশলৈ কিনি নিছিল মহিলাগৰাকীয়ে। নিজ দেশ পোৱাৰ পাছত সোণৰ আ-অলংকাৰখিনি পৰীক্ষা কৰি দেখে যে সকলোবোৰ নকল সোণ। সকলোখিনি অলংকাৰৰ মূল্য প্ৰায় ৩০০টকাহে হ'ব বুলি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে।

৬কোটি টকা হেৰুৱাই মহিলাগৰাকীয়ে ভাৰতলৈ পুনৰ আহি আৰক্ষীৰ ওচৰ চাপে। ইনষ্টাগ্ৰামৰ জৰিয়তে মহিলাগৰাকীয়ে প্ৰথমে উক্ত যুৱকগৰাকীৰ সৈতে যোগাযোগ হৈছিল।

গৌৰৱ ছনী নামৰ যুৱকগৰাকীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তেই আমেৰিকাৰ মহিলাগৰাকীক দিছিল সোণৰ অলংকাৰ কিনাৰ প্ৰস্তাৱ। তাৰ পাছতেই ভাৰতলৈ ফুৰিবলৈ আহি আ-অলংকাৰ কিনিছিল আমেৰিকাৰ ছেৰিজে।

বৰ্তমান আৰক্ষীৰ জিম্মাত গৌৰৱ। গৌৰৱৰ পিতৃ ৰাজেন্দ্ৰ ছনীয়ে সকলোবোৰ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে মহিলাগৰাকীক। গৌৰৱৰ এনে কাণ্ডই এতিয়া বিদেশৰ সংবাদমাধ্যমতো স্থান লাভ কৰিছে।

ৰামঠগন : ইনষ্টাগ্ৰামৰ জৰিয়তে ৩০০টকাৰ নকল সোণ ৬কোটি টকাত বেচিলে এগৰাকী যুৱকে...
পাটাছাৰকুছিত সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in