পাটাছাৰকুছিত সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন

পাটাছাৰকুছিত সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
পাটাছাৰকুছিত সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ,পাটাছাৰকুছি : পাটাছাৰকুছিৰ অন্যতম সামাজিক অনুষ্ঠান লাচিত সংঘই অহা ১৬ জুন দেওবাৰে এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পাটাছাৰকুছিৰ শিৱ দুৰ্গা ধামত ’আলোক সন্ধানী আমি অসমীয়া’ শীৰ্ষক সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা আৰু দশম শ্ৰেণীলৈ লিখিত স্কুল কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে ৷

Advertisment

অসমৰ জনপ্ৰিয় কুইজ পৰিচালক তথা দৈনিক অসম কাকতৰ উপ-সম্পাদক দিপাঙ্কৰ কৌশিকে পৰিচালনা কৰিব প্ৰতিযোগিতাখনি। মুকলি কুইজ প্ৰতিযোগিতাখনত প্রতিটো দলত সর্বাধিক দুগৰাকী সদস্য থাকিব পাৰিব।

প্ৰাৰম্ভিক লিখিত পৰীক্ষাৰ জৰিয়তে চূড়ান্ত পৰ্যায়লৈ ছয়টা দল বাছনি কৰিবলগীয়া প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ ৬০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৪০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৩০০০ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব ৷ প্ৰতিটো দলৰ পঞ্জীয়ন মাছুল ৫০ টকাকৈ ধাৰ্য কৰা বুলি উদ্যোক্তাই জনায়।

প্ৰতিযোগিতাখনত চূড়ান্ত পর্যায়লৈ উন্নীত আন তিনিটা দলক ১০০০ টকাকৈ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে সর্বাধিক উত্তৰ দিয়া দুগৰাকী দৰ্শকৰ বাবে থাকিব বিশেষ পুৰস্কাৰ। ইয়াৰ আগেয়ে সদৌ অসম ভিত্তিত লিখিত স্কুল কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব ৷

দশম শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা স্কুল কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰিব উদীয়মান কুইজ পৰিচালক বিকাশ দাসে ৷ কোনো পঞ্জীয়ন মাছুল নথকা লিখিত স্কুল কুইজ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫০০ টকাৰ লগতে মানপত্ৰ ৷

ইচ্ছুক প্ৰতিযোগীসকলক ৮২৫৪৯৯৪৫৩৫ নাইবা ৭০০২৮৪৮৪৯২ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷

Also Read: শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত কয়দীয়ে ল'লে চৰমপন্থা

PATACHARKUCHI quiz