/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3bcb7329-e5d0-411c-9220-50b8203da6f8/14.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ কফ চিৰাপ আৰু গাঞ্জা জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনী ( বিএছ এফ) আৰু কেন্দ্ৰীয় শুল্ক বিভাগে। পশ্চিম ত্ৰিপুৰা জিলাৰ ৰংগুটিয়া এলেকাত অভিযান চলাই নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰে।
গোপন তথ্যৰ ভিত্তিত বিএছ এফৰ ৪২ নম্বৰ বেটেলিয়ন আৰু ছিংগেৰবিলস্থিত কাষ্টম বিভাগে ২৫,১২৭ টা ফেনচেডাইল কফ চিৰাপ, ৫,৭৭৬ এস্কুফ চিৰাপ আৰু ২২৩ টা ব্ৰং কফ চিৰাপৰ বটল জব্দ কৰে। অভিযানত ২২ কেজি গাঞ্জাও জব্দ হয়। জব্দাকৃত নিচাজাতীয় সামগ্ৰীৰ মূল্য প্ৰায় ৬২,৪২,১৮৫ টকা বুলি সূত্ৰটোৱে সদৰি কৰে। পিছত সামগ্ৰীখিনি কাষ্টম বিভাগক গতাই দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/468c0e87-d559-4fb8-bbc6-2db9803ffa51/ff7004f2_d163_407d_8753_75a28176e7b0.jpg)
ইফালে, আন এক অভিযানত জি আৰ পি য়ে আগৰতলা ৰেল ষ্টেচনৰ পৰা ৩৪৫ টা Escuff কফ চিৰাপৰ বটল জব্দ কৰে।আগৰতলাৰ ৰেলেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহৰ সময়ত কফ চিৰাপখিনি জব্দ কৰা হয়। এই সংক্ৰান্তত ৪ জন সৰবৰাকাৰীক গ্ৰেপ্তাৰ কৰে।
Also Read: কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান...