মণিপুৰত শান্তি আনিবলৈ একেলগে কাম কৰিব কুকি-নগা-মেইটেই সম্প্ৰদায়ৰ ১৬ গৰাকী জনপ্ৰতিনিধিয়ে...

মণিপুৰত শান্তি আনিবলৈ একেলগে কাম কৰিব কুকি-নগা-মেইটেই সম্প্ৰদায়ৰ ১৬ গৰাকী জনপ্ৰতিনিধিয়ে...

author-image
Asomiya Pratidin
New Update
মণিপুৰত শান্তি আনিবলৈ একেলগে কাম কৰিব কুকি-নগা-মেইটেই সম্প্ৰদায়ৰ ১৬ গৰাকী জনপ্ৰতিনিধিয়ে...

ডিজিটেল সংবাদ,দিল্লীঃ অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু চৰকাৰী চাকৰিৰ সংৰক্ষণক লৈ পূৰ্বৰ পৰা হিন্দু মেইটেই আৰু সংখ্যালঘু খ্ৰীষ্টান কুকিসকলৰ মাজত সংঘৰ্ষ অব্যাহত আছে।

Advertisment

মণিপুৰত স্থায়ী শান্তি স্থাপনৰ উদ্দেশ্যেৰে আজিৰ বৈঠকত উপস্থিত হয় গৃহ বিভাগৰ বহু কেইগৰাকী জ্যেষ্ঠ বিষয়া। এই বৈঠকত মণিপুৰৰ পৰা কুকীৰ ৪ গৰাকী বিধায়ক, নগা সম্প্ৰদায়ৰ ৩ গৰাকী বিধায়ক আৰু মেইটেই সম্প্ৰদায়ৰ ৯ গৰাকী বিধায়ক উপস্থিত আছিল।

এই বৈঠকত সৰ্বসন্মতি ক্ৰমে সকলো সম্প্ৰদায়ৰ ৰাজ্যবাসীক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ অনুৰোধ জনোৱাৰ সংকল্প লোৱা হয় যাতে নিৰীহ নাগৰিকে মূল্যৱান জীৱন আৰু যাতে হেৰুৱাব লগা নহয়।

উল্লেখ্য যে, ২০২৩ ৰ মে' মাহত আৰম্ভ হৈছিল মেইটেই আৰু কুকিসকলৰ মাজত গোষ্ঠীগত সংঘৰ্ষ ৰাজ্যখনত এই দুই সম্প্ৰদায়ৰ মাজত বহু পূৰ্বৰে পৰা বিভিন্ন বিষয়ক লৈ সংঘৰ্ষ অব্যাহত আছে। বিশেষকৈ ভূমি আৰু চৰকাৰী চাকৰিৰ সংৰক্ষণক লৈ ৰাজ্যখনত যোৱা প্ৰায় ডেৰ বছৰৰ সংঘৰ্ষত ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে আৰু ২০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু বৰ্তমানেও ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই।

উল্লেখযোগ্য় যে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে তিনিওটা সম্প্ৰদায়ৰ বিধায়ক তথা মন্ত্ৰীসকলক ব্যক্তিগতভাৱে পত্ৰ প্ৰেৰণ কৰি এই বৈঠকলৈ আমন্ত্ৰণ জনাইছিল।

Also Read: নগাঁৱৰ দুৰ্গা পূজা উৎসৱৰ বঁটা প্ৰদান...

manipur new delhi naga Meitei Kuki-Zo-Hmar