/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-15/0k9pkezb/dddd.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও চহৰত হৈ যোৱা শাৰদীয় দুৰ্গা পূজাৰ বটা সমুহ আজি নগাঁও পৌৰসভাই প্ৰদান কৰে। এই উপলক্ষে নগাঁও পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই নগাঁৱত সুকলমে দুৰ্গা পুজা অনুষ্ঠিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসন ,নগাঁও পৌৰসভা ,আৰক্ষী প্ৰশাসন ,দুৰ্গা পুজা উদযাপন সমিতি আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ ,উপপৌৰপতি সীমান্ত বৰা ,পৌৰ আয়ুক্ত সকল ,দুৰ্গা পুজা উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে সদস্য ,বিশিষ্ট নাগৰিক আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ যে নগাঁও পৌৰসভাই প্ৰতি বছৰে দুৰ্গাপুজাৰ শেষত বিভিন্ন শিতানত বটা প্ৰদান কৰি আহিছে।
এইবাৰ প্ৰতিমা শিতানত নগাঁও ব্যৱসায়ী পুজা সমিতিক প্ৰথম শ্ৰেষ্ঠ বটা ,দিগবিজয় সংঘ দুৰ্গা পুজা উদযাপন সমিতিক দ্বিতীয় শ্ৰেষ্ঠ বটা আৰু পানীগাও কালিবাড়ী দুৰ্গা পুজা সমিতিক তৃতীয় শ্ৰেষ্ঠ বটা ,মণ্ডপ শিতানত বিবেকানন্দপল্লী শাৰোদৎসৱ সমিতিক প্ৰথম শ্ৰেষ্ঠ বটা , নগাঁও বাঙ্গালী সন্মিলনীক দ্বিতীয় শ্ৰেষ্ঠ বটা আৰু জ্যোতিৰ্ময় শক্তি উৎসৱ সমিতিক তৃতীয় শ্ৰেষ্ঠ বটা ,আলোকসজ্জা শিতানত প্ৰথম শ্ৰেষ্ঠ বটা শংকৰ মিচন পথ সাৰ্বজনীন পুজা সমিতিক , দ্বিতীয় শ্ৰেষ্ঠ বটা শনিমন্দিৰ সংঘ পুজা সমিতিক আৰু তৃতীয় শ্ৰেষ্ঠ বটা মাৰোৱাৰী হৰিজন দুৰ্গাপুজা সমিতিক, স্বচ্ছতা শিতানত প্ৰথম শ্ৰেষ্ঠ বটা ফৌজদাৰীপট্টী শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গাপুজা সমিতিক (কলা মন্দিৰ) দ্বিতীয় শ্ৰেষ্ঠ বটা পুৱ আমোলাপট্টী দুৰ্গাপুজা উদযাপন সমিতিক আৰু তৃতীয় শ্ৰেষ্ঠ বটা চকীটুপ সাৰ্বজনীন পুজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰক প্ৰদান কৰা হয়।