প্ৰতিবাদৰ মাজতে কৃষকৰ মৃত্যুঃ ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী...

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বাসগৃহৰ সন্মুখত কৰিছিল প্ৰতিবাদ
প্ৰতিবাদৰ মাজতে কৃষকৰ মৃত্যুঃ ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী...
প্ৰতিবাদৰ মাজতে কৃষকৰ মৃত্যুঃ ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী...

ডিজিটেল ডেস্কঃ কৃষক আন্দোলনৰ মাজতে দেওবাৰে এগৰাকী কৃষকে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাই প্ৰতিবাদীকাৰী কৃষকসকলৰ মাজত শোকৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ চাঞ্চল্যও সৃষ্টি হৈছে।পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰাৰ সময়ত এই কৃষকগৰাকীয়ে মৃত্যুক সাৱটি লয়।

জানিব পৰা মতে দেওবাৰে সন্ধিয়া আন্দোলনৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈছিল কৃষকগৰাকী। তাৰ পাছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। হাস্পতালত চিকিৎসকে কৃষকগৰাকীক মৃত বুলি ঘোষণা কৰে।

আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি মৃত কৃষকগৰাকীৰ নাম নৰিন্দৰ পাল। তেওঁ পাতিয়ালা জিলাৰ বাথোই কালান গাঁৱৰ বাসিন্দা। দেওবাৰে সন্ধিয়া পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিছিল ভাৰতী কিষাণ ইউনিয়ন একটা উগ্ৰাহন নামৰ এটা কৃষক সংগঠনে। সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল নৰিন্দৰ সিং নামৰ এই কৃষকগৰাকীয়ে।

প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰতিবাদৰ মাজতে হঠাৎ বুকুৰ বিষ অনুভৱ কৰে নৰিন্দৰে। ইয়াৰ পাছতে তৎক্ষণাত তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতালত তেওঁক কিছু সময় চিকিৎসা প্ৰদান কৰাৰ পাছতে মৃত্যু হয়। কৃষকগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া কৃষক নেতাৰ দাবী মৃত নৰিন্দৰৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে।

মৃত কৃষকগৰাকীৰ মূৰত আছিল ১০ লাখ টকাৰ ঋণৰ বোজা। নৰিন্দৰৰ মৃত্যুৰ পাছত এতিয়া সেই ঋণৰ বোজা আহি পৰিছে। সেয়া মানি ল'ব নোৱাৰি। চৰকাৰে সেয়ে এই ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

প্ৰতিবাদৰ মাজতে কৃষকৰ মৃত্যুঃ ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী...
পাকিস্তানৰ জিডিপিতকৈও বেছি টাটা গ্ৰুপৰ মাৰ্কেট ভ্যেলু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in