/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bcfedb23-418b-4139-8b56-80cfc8978b92/river.jpg)
ডিজিটেল ডেস্কঃ কাৰ মৃত্যু ক'ত, কেনেকৈ আহে কোনোৱেই নাজানে। ইয়াতকৈয়ো কৰুণ, মাতৃৰ সন্মুখত পুত্ৰৰ আকস্মিক মৃত্যু। মাকৰ চকুৰ পচাৰতে মৃত্যু হ'ল এগৰাকী মেধাৱী পুত্ৰ সন্তানৰ।
এই ঘটনা উৰিষ্যাৰ। নদীত গা ধুই আছিল এটি পৰিয়ালে। মাতৃ-ভগ্নীৰ সৈতে নৈত গা ধুই আছিল দুৰ্ভগীয়া আশুতোষ আচাৰ্য নামৰ ল'ৰাজন। গা ধুই থকা অৱস্থাতে অকাস্মাৎ ঘঁৰিয়াল এটা আহি আশুতোষ আচাৰ্যক টানি লৈ যায়।
এনে অনাকাঙ্খিত ঘটনা প্ৰত্যক্ষ কৰি পৰিয়ালটিৰ মাজত হুৱা-দুৱা লাগে। কান্দি-কান্দি মাক আৰু ভগ্নীয়ে স্থানীয় লোক আৰু আৰক্ষীক খবৰ দিয়ে। কিছুসময় পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
প্ৰায় এঘণ্টাজোৰা উদ্ধাৰ অভিযানত স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত মেধাৱী ছাত্ৰগৰাকীক নদীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে। বৰ্তমান মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Also Read: আহি আছে 'বিপৰ্যয়'! পাকিস্তানবাসীকো মন্ত্ৰীৰ সতৰ্কবাণী