Advertisment

আহি আছে 'বিপৰ্যয়'! পাকিস্তানবাসীকো মন্ত্ৰীৰ সতৰ্কবাণী

আহি আছে 'বিপৰ্যয়'! পাকিস্তানবাসীকো মন্ত্ৰীৰ সতৰ্কবাণী

author-image
Asomiya Pratidin
New Update
আহি আছে "বিপৰ্যয়": কোন কোন অঞ্চল প্ৰভাৱিত হ'ব বিপৰ্যয়ত...

ডিজিটেল ডেস্কঃ বাংলাদেশ অভিকেন্দ্ৰ এজাক ঘূৰ্ণী বতাহ 'বিপৰ্যয়।' 'বিপৰ্যয়' নামৰ ঘূৰ্ণী বতাহজাকে ভাৰতৰ গুজৰাট,মুম্বাই আদিকে ধৰি উপকূলীয় অঞ্চলসমূহত ত্ৰাসৰ সৃষ্টি কৰাৰ প্ৰবল সম্ভৱনা আছে।

Advertisment

ইতিমধ্যে উল্লেখিত স্থানসমূহৰ ক্ষেত্ৰত বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। উক্ত স্থানসমূহৰ ৰাইজৰ সুৰক্ষাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

সম্প্ৰতি 'বিপৰ্যয়'কলৈ সজাগ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানো। যিকোনো মূহুৰ্ততে ঘূৰ্ণী বতাহজাকে চুবুৰীয়া ৰাষ্ট্ৰখনৰ একাধিক অঞ্চল তচনচ কৰি দিব পাৰে।

এই সন্দৰ্ভতে দেশখনৰ জলবায়ু মন্ত্ৰী শ্বেৰী ৰেহমানে সিন্ধৰ কেতি বান্দাৰত সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি অঞ্চলটোৰ ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। ইছলামবাদত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে।

সাম্ভাব্য বিপৰ্যয়ৰ কথা চিন্তা কৰিয়েই উপকূলীয় অঞ্চলটিৰ প্ৰায় ৬৬,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানন্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। লগতে তেওঁ উল্লেখ কৰে যে, 'বিপৰ্যয়'ৰ ফলত পাকিস্তানৰ থাটা, সুজাৱাল, বাদীন আৰু থাৰপাৰ্কাৰ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব।

Also Read: যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে ১০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল

cyclone