দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী কনিষ্টবল উত্তীৰ্ণ হ'ল UPSCত...

এবাৰ নোৱাৰা কামটোক বাৰে বাৰে চেষ্টা কৰিবলৈ কবি, নাইবা বিজ্ঞজনে কৈ গৈছে । এবাৰ দুবাৰ নহয় মুঠ আঠবাৰকৈ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈ কষ্টৰ ফল যে সদায়েই মিঠা এই কথাফাঁকি পুনৰবাৰ প্ৰমাণ কৰিছে দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী হেড কনিষ্টবলে

author-image
Asomiya Pratidin
New Update
দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী কনিষ্টবল উত্তীৰ্ণ হ'ল UPSCত...

ডিজিটেল ডেস্কঃ "দহজনে পাৰে যিটো তুমিও পাৰিবা সিটো

Advertisment

সেন জানি সাহ কৰি প্ৰাণ টাকি কৰা,

একেবাৰে নোৱাৰিলে এশবাৰে কৰা"

এবাৰ নোৱাৰা কামটোক বাৰে বাৰে চেষ্টা কৰিবলৈ কবি, নাইবা বিজ্ঞজনে কৈ গৈছে । এবাৰ দুবাৰ নহয় মুঠ আঠবাৰকৈ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈ কষ্টৰ ফল যে সদায়েই মিঠা এই কথাফাঁকি পুনৰবাৰ প্ৰমাণ কৰিছে দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী হেড কনিষ্টবলে। মঙলবাৰে ঘোষণা কৰা ইউপিএছচিৰ ফলাফলত উত্তীৰ্ণ হৈছে দিল্লীৰ এগৰাকী হেড কনিষ্টবলো । এইজন হেড কনিষ্টবলৰ নাম হৈছে ৰাম ভজন কুমাৰ । ৰাম ভজনে ৬৬৭ ৰেংক লাভ কৰিছে ।

উত্তীৰ্ণ হোৱাৰ পিছতেই সংবাদকৰ্মীৰে হোৱা এক সাক্ষাৎকাৰত ৰাম ভজনে কয় যে, "মই কেতিয়াও কল্পনা কৰা নাছিলো যে সফলতা লাভ কৰিম। মই কেৱল এয়াই জানিছিলো যে মোৰ বৰ্তমানৰ পৰিস্থিতি সলনি কৰিবলৈ হলে মই সঁচাকৈয়ে অন্য চিন্তা কৰিব লাগিব। লগতে তেওঁ কয়, মই দিল্লী আৰক্ষী সেৱাত যোগদান নকৰালৈকে ইউপিএছচি কি সেয়াও নাজানিছিলো।"

তদুপৰি ৰাম ভজনে কয় যে তেওঁ এই পৰীক্ষাৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছিল এজন আৰক্ষী বিষয়াৰ পৰা । যি জনে কৰ্মৰত অৱস্থাতে ইউ পি এছচি পৰীক্ষাত উত্তীৰ্ণ হৈছিল

ৰাম ভজনে ২০০৯ চনত দিল্লী আৰক্ষীত যোগদান কৰিছিল। তেওঁ চাইবাৰ অপৰাধৰ এক বিশেষ গোট ইন্টেলিজেন্স ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনচ (আইএফএছঅ')ত কাম কৰিছিল। এই বিশেষ গোটটোৱে চাইবাৰৰ অপৰাধৰ লগত জড়িত বিষয়বোৰ পৰ্যবেক্ষণ কৰে।

Also Read: বিশিষ্ট শিল্পী হৰেন্দ্ৰ নাথ মহন্তৰ বিয়োগ...

Ram Bhajan Kumar UPSC result delhi police