বিশিষ্ট শিল্পী হৰেন্দ্ৰ নাথ মহন্তৰ বিয়োগ...

কলিয়াবৰৰ শ্ৰীশ্ৰীবিহিমপুৰ সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া, সত্ৰীয়া সংস্কৃতিৰ সাধক, সুদক্ষ অভিনেতা হৰেন্দ্ৰ নাথ মহন্তৰ শুক্ৰবাৰে বিয়লি প্ৰায় ৩: ৩০ বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে

author-image
Asomiya Pratidin
New Update
বিশিষ্ট শিল্পী হৰেন্দ্ৰ নাথ মহন্তৰ বিয়োগ...

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ শ্ৰীশ্ৰীবিহিমপুৰ সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া, সত্ৰীয়া সংস্কৃতিৰ সাধক, সুদক্ষ অভিনেতা হৰেন্দ্ৰ নাথ মহন্তৰ শুক্ৰবাৰে বিয়লি প্ৰায় ৩: ৩০ বজাত  তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬ বছৰ ।

Advertisment

শ্ৰীশ্ৰীবিহিমপুৰ সত্ৰত জন্মগ্ৰহণ কৰি  শৈশৱৰ পৰাই সত্ৰীয়া সংস্কৃতি সাধনাত আত্মনিয়োগ কৰি গীত, নৃত্য, অভিনয়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা বিশিষ্ট শিল্পী গৰাকী এসময়ৰ 'ৰাসৰ কৃষ্ণ' ৰূপে খ্যাত আছিল।

ইয়াৰ উপৰিও অংকীয়া ভাওনাত নাৰী চৰিত্ৰৰত সুদক্ষ অভিনয় কৰাৰ লগতে অংকীয়া আৰু সামাজিক বিভিন্ন নাটত ভিন্ন চৰিত্ৰ ৰূপায়ণৰে দৰ্শকৰ সমাদৰ লাভ কৰিছিল। অসম চৰকাৰৰ অসামৰিক খাদ্য আৰু যোগান বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ  পাছতো সত্ৰীয়া সংস্কৃতি সাধনাত জড়িত থকা বিশিষ্ট শিল্পী গৰাকী সুদক্ষ নাট পৰিচালক ৰূপেও পৰিচিত আছিল।

তেখেতৰ বিয়োগত মন্ত্ৰী কেশৱ মহন্ত, কলিয়াবৰ প্ৰেছ ক্লাৱ, কলিয়াবৰ জিলা সত্ৰ মহাসভা, অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদ, সমন্বিত যুৱতীৰ্থ: কলিয়াবৰ, শ্ৰীশ্ৰীবিহিমপুৰ সত্ৰৰ ৰাইজ- আইসকল, কলিয়াবৰ তিনিআলিৰ দূৰ্গা মন্দিৰ, কলিয়াবৰ তিনিআলি উন্নয়ন সমিতি, ভৰালীপুৰ ৰাইজকে প্ৰমূখ্য কৰি বিভিন্ন ব্যক্তি - অনুষ্ঠানে শোক প্ৰকাশ কৰে । বিশিষ্ট শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পুত্ৰ- বোৱাৰী, দুই জী - জোৱাই, নাতি- নাতিনী, ইষ্ট- কুটুম্ব ইহ সংসাৰত এৰি থৈ যায় ।

Also Read: খাৰঘূলিৰ জলবিস্ফোৰণঃ তদন্ত কমিটি গঠন, তিনি দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ...

death Harendra Nath Mahanta passes away