৪২ বছৰ পূৰ্বৰ হত্যাকাণ্ডঃ৯০ বছৰীয়া ব্যক্তিক কাৰাদণ্ড আদালতৰ

১০ গৰাকীকৈ পিছপৰা শ্ৰেণীৰলোকক হত্যা কৰাৰ বাবে বাবে বৃহস্পতিবাৰে(১জুন) ফিৰোজবাদ জিলা আদালতে এগৰাকী ৯০ বছৰীয়া ব্যক্তি কাৰাদণ্ড বিহে

author-image
Asomiya Pratidin
New Update
 ৪২ বছৰ পূৰ্বৰ হত্যাকাণ্ডঃ৯০ বছৰীয়া ব্যক্তিক কাৰাদণ্ড আদালতৰ

ডিজিটেল ডেস্কঃ অৱশেষত ন্যায় পাল ভুক্তভোগীয়ে। ১০ গৰাকীকৈ পিছপৰা শ্ৰেণীৰলোকক হত্যা কৰাৰ বাবে বাবে বৃহস্পতিবাৰে(১জুন) ফিৰোজবাদ জিলা আদালতে এগৰাকী ৯০ বছৰীয়া ব্যক্তি কাৰাদণ্ড বিহে। গংগা দয়াল নামৰ লোকজনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ৫৫ হাজাৰ টকা জৰিমণাও বিহে আদালতে।

Advertisment

৪২ বছৰ আগতে সংঘটিত এই হত্যাকাণ্ডই জোকাৰি গৈছিল উত্তৰ প্ৰদেশ। চৰকাৰী অধিবক্তা ৰাজীৱ উপধ্যায়ে কয় যে,১৯৮১ চনত সদুপুৰ গাঁৱত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল। য'ত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হৈছিল।তাৰ পাছতে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল হৈছিল। তদন্তৰ সময়ত ১০ জন লোকক অভিযুক্ত হিচাপে জেৰা চলোৱা হৈছিল।

প্ৰথম অৱস্থাত এই গোচৰৰ ট্ৰায়েল হয় আৰু পৰৱৰ্তী সময়ত ফিৰোজাবাদ আদালতকৈ স্থানান্তৰিত কৰে। অৱশেষত এই জিলা আদালতে বৰ্তমান জীৱিত থকা অভিযুক্ত গংগা দয়ালক কাৰাদণ্ড বিহে।

ভুক্তভোগীৰ পৰিয়ালৰ লোকে কয় যে এই গোচৰটোৰ ৰায় আগতে আহিলে ভাল লাগিলহেতেন। কিয়নো তেওঁলোক যেতিয়া জন্ম হোৱাই নাছিল তেতিয়াই সংঘটিত হৈছিল এই ঘটনা। গতিকে ঘৰৰ জ্যোষ্ঠ লোকসকল জীয়াই থকাৰ সময়তে ইয়াৰ ৰায় আহিলে তেওঁলোতে সকাহ পালেহেতেন।

Also Read: মছজিদলৈ যোৱাৰ পথত ডাম্পাৰৰ খুন্দাত নিহত শিশু

uttar pradesh crime