দেশৰ ৯০ শতাংশ প্ৰদেশেই হিট ৱেভৰ কবলত, আহি আছে বিপদ

দেশৰ ৯০ শতাংশ প্ৰদেশেই হিট ৱেভৰ কবলত, আহি আছে বিপদ

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনে দেশলৈ মাতি আনিছে ভয়ংকৰ বিপদ । সঘনাই অহা হিট ৱেভে শেহতীয়াকৈ দেশত সৃষ্টি কৰিছে সংকটৰ । বৰ্ধিত উষ্ণতাৰ লগতে অহা হিট ৱেভৰ বাবে ইতিমধ্যেই চলিত বৰ্ষত মৃত্যুমুখত পৰিছে বহু কেইগৰাকী লোক ।

ইউনিভাৰ্ছিটি অৱ কেমব্ৰিজৰ ৰমিত দেৱনাথ আৰু তেওঁৰ সহকাৰী অধ্যাপকসকলে কৰা এক গৱেষণাৰ অন্তত প্ৰকাশ পাইছে এক ভয়াৱহ তথ্য । দেশৰ ৯০ শতাংশ প্ৰদেশেই হেনো হিটৱেভৰ কবলত পৰিব চলিত বৰ্ষত । এই ক্ষেত্ৰত সকলোৰে শীৰ্ষত দিল্লী । সমগ্ৰ দিল্লীকেই "ডেঞ্জাৰ জ'ন" ঘোষণা গৱেষণাৰ অন্তত ।

উল্লেখ্য যে, বিগত ৫টা দশকত হিট ৱেভৰ বাবে ১৭ হেজাৰ লোকে প্ৰাণ হেৰুৱাইছে ভাৰতত । কেৱল এয়াই নহয় বৰং ১৯৭১ চনৰ পৰা ২০১৯ চনলৈ উদ্বেগজনকভাৱে ৭০৬টা হিট ৱেভে আঘাত কৰিছে দেশখনক । প্ৰতিবছৰেই বৃদ্ধি পাইছে হিট ৱেভৰ সংখ্যা ।

নিতৌ গছ-বন ধ্বংস কৰি কল-কাৰাখানা নিৰ্মাণ কৰি অহা দেশখনে হিটৱেভৰ ফলাফল লাভ কৰাতো এক প্ৰকাৰৰ নিশ্চিতই আছিল আৰম্ভণিৰে পৰাই । এতিয়া অপেক্ষা মাথো প্ৰকৃতিয়ে প্ৰকোপ দেখুৱাৰ পূৰ্বেই চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত ।

দেশৰ ৯০ শতাংশ প্ৰদেশেই হিট ৱেভৰ কবলত, আহি আছে বিপদ
বটদ্ৰৱাৰ ৰাইদঙীয়া ফুলগুৰি গাঁৱত গছ বিহু উদযাপন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in