বটদ্ৰৱাৰ ৰাইদঙীয়া ফুলগুৰি গাঁৱত গছ বিহু উদযাপন

বটদ্ৰৱাৰ ৰাইদঙীয়া ফুলগুৰি গাঁৱত গছ বিহু উদযাপন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমবাসী ৰাইজৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুটি প্ৰায় মেলানিৰ ক্ষণত উপনীত হৈছে। চ'ত আৰু ব'হাগ বিহুৰ দোমাহীৰ দিনাখনৰ পৰা গৰু বিহুৰে আৰম্ভ হোৱা সাত বিহুৰ আজি চেৰা বিহু।

আজি ৬ বহাগৰ পুৱা চেৰা বিহুৰ লগত সংগতি ৰাখি ৰাইডঙীয়াৰ মহিলা সকলে উদযাপন কৰিলে গছ বিহু। অসমীয়া জাতি প্ৰকৃতি আৰু গছৰ লগত ওতঃপ্ৰোতভাবে জড়িত বাবেই ৰাইডঙীয়া ফুলগুৰিত পালন কৰিলে গছ বিহু। যি সময়ত অসমত নিৰ্বিচাৰে বন ধ্বংস হৈছে, সেই সময়তে ৰাইডঙীয়া ফুলগুৰিৰ একাংশ মহিলাই গছত বিহুৱান বান্ধি গছক গুৱা-পান, ধূপ-চাকি আগবঢ়াই সেৱা কৰি গছ বিহু পালন কৰে।

বন ধ্বংস কৰাৰ ফলত পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্বি হোৱাত আগন্তুক প্ৰজন্মবোৰৰ ভৱিষ্যত অন্ধকাৰৰ গৰাহলৈ যোৱাৰ সময়তে একাংশ সচেতন মহিলাই মানুহৰ সৈতে নিবিড় সম্পৰ্ক থকা গছত বিহুৱান দি সেৱা প্ৰাৰ্থনা জনাইছে ৷ বিহুনাম গাই নতুন বছৰটো যাতে গছৰ পৰা জীয়াই থকাৰ সহযোগিতা পাই তাৰ কামনা কৰি পালন কৰা গছ বিহুৰ পৰম্পৰাই গছ আৰু মানুহৰ মাজত থকা এৰাব নোৱাৰা সম্পৰ্ক অটুট কৰি ৰাখিব বুলি আশা ব্যক্ত কৰিছে ৰাইজে।

বটদ্ৰৱাৰ ৰাইদঙীয়া ফুলগুৰি গাঁৱত গছ বিহু উদযাপন
বিজয়ৰ হেট্ৰিক মুম্বাই ইণ্ডিয়ানছৰ, প্ৰত্যাৱৰ্তনৰ সংকেত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in