/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/48f32d0d-3ed6-4448-9ecd-5ee0887f0f8f/8.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে হায়দৰাবাদৰ এটা অট্টালিকাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
জানিব পৰামতে, বহুমহলীয়া এপাৰ্টমেণ্ট কমপ্লেক্সটোৰ তলৰ মহলাৰ পৰাই জুই আৰম্ভণি হৈছিল, য’ত ৰাসায়নিক পদাৰ্থ থকা কিছুমান ড্ৰাম জমা কৰি ৰখা হৈছিল। তাৰ পিছতেই জুইৰ লেলিহান শিখাই সম্পূৰ্ণ অট্টালিকাটো আগুৰি ধৰিছিল।
অগ্নিনিৰ্বাপক বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই সাংবাদিকৰ আগত জনোৱা মতে, এতিয়ালৈকে ২০ জনতকৈ অধিক লোকক অট্টালিকাৰ পৰা উদ্ধাৰ কৰা হৈছে।
গুৰুতৰভাৱে আঘতপ্ৰাপ্ত প্ৰায়বোৰ লোকেই প্ৰথম আৰু দ্বিতীয় মহলাৰ আৱাসী বুলি জানিব পৰা গৈছে। তৃতীয় আৰু চতুৰ্থ মহলাত বাস কৰা লোকসকল সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।
প্ৰাপ্ত তথ্য অনুসৰি অট্টালিকাটোৰ স্বত্বাধিকাৰী ৰমেশ জয়ছৱাল বৰ্তমান পলাতক অৱস্থাত আছে। অট্টালিকাটোৰ তলৰ মহলাটোক ৰমেশ জয়ছৱালে তেলৰ গুদাম হিচাপে ব্যৱহাৰ কৰি আছিল।
Also Read: পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ নেতাক হত্যা : হত্যাকাণ্ডত জড়িত সন্দেহত আন এজনক প্ৰহাৰ কৰি হত্যা সমৰ্থকৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us