পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ নেতাক হত্যা : হত্যাকাণ্ডত জড়িত সন্দেহত আন এজনক প্ৰহাৰ কৰি হত্যা সমৰ্থকৰ

পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ নেতাক হত্যা : হত্যাকাণ্ডত জড়িত সন্দেহত আন এজনক প্ৰহাৰ কৰি হত্যা সমৰ্থকৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ তৃণমূল কংগ্ৰেছৰ এজন নেতাৰ হত্যাক কেন্দ্ৰ কৰি পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। সোমবাৰে পুৱা জয়নগৰস্থিত নিজ বাসগৃহৰ বাহিৰত তৃণমূল কংগ্ৰেছৰ নেতা ছাইফুদ্দিন লস্কৰক গুলীয়াই হত্যা কৰা হয়।

ছাইফুদ্দিন লস্কৰৰ হত্যাৰ কিছু সময়ৰ পিছতে তেওঁৰ সমৰ্থকসকলে লস্কৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত এজন লোকক ধৰি প্ৰহাৰ কৰি হত্যা কৰে। শাসকীয় দলৰ সমৰ্থকে অঞ্চলটোৰ কেইবাটাও ঘৰতো অগ্নিসংযোগ কৰে।

উল্লেখ্য যে, ছাইফুদ্দিন লস্কৰে জয়নগৰৰ বামুংগাচী অঞ্চলৰ তৃণমূল কংগ্ৰেছৰ নেতৃত্বত আছিল আৰু তেওঁৰ পত্নী এগৰাকী পঞ্চায়ত প্ৰধান আছিল। স্থানীয় তৃণমূল নেতাসকলে অভিযোগ কৰিছে যে ছৈফুদ্দিন লস্কৰ হত্যাৰ আঁৰত চিপিএম সমৰ্থক আছিল।

চিপিএমৰ নেতা সুজন চক্ৰৱৰ্তীয়ে এই অভিযোগ খাৰিজ কৰি কয় যে, এই হত্যাকাণ্ড “তৃণমূলৰ ভিতৰত চলি থকা আভ্যন্তৰীণ বিবাদৰ ফল”। লগতে চিপিএমক দোষাৰোপ কৰিল কোনো লাভ নাই বুলিও তেওঁ কয়।

আৰক্ষীয়ে জনোৱা মতে, তৃণমূল নেতাজনৰ হত্যাকাণ্ডৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত চলাই আছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ নেতাক হত্যা : হত্যাকাণ্ডত জড়িত সন্দেহত আন এজনক প্ৰহাৰ কৰি হত্যা সমৰ্থকৰ
গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা মহিলাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in