ভাৰতৰ নদীৰ ৮০ শতাংশ পানীয়েই ব্যৱহাৰৰ বাবে উপযোগী নহয়ঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড

ভাৰতৰ নদীৰ ৮০ শতাংশ পানীয়েই ব্যৱহাৰৰ বাবে উপযোগী নহয়ঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰকাশ কৰিছে এক উদ্বেগজনক তথ্য। সেই অনুসৰি, ভাৰতৰ ৩১ খন নদীৰ পানী প্ৰদূষিত হৈছে। নদীবোৰৰ ৮০ শতাংশ পানীয়েই ব্যৱহাৰৰ বাবে উপযোগী নহয় বুলি এই তথ্যত প্ৰকাশ পাইছে।

দেশৰ ১৪৫ খন নদীক সামৰি কৰা হৈছিল এক বিশেষ পৰীক্ষা। এই পৰীক্ষাতে প্ৰকাশ পাইছে যে বিষাক্ত পদাৰ্থ মিলিত হোৱাৰ বাবে ৩১ খন নদীৰ পানী বহু পৰিমাণে প্ৰদূষিত হৈ পৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে, নদীত বিষাক্ত পদাৰ্থৰ অৱশেষ সমূহ পেলোৱায়েই হৈছে নদী প্ৰদূষণৰ মূল কাৰণ। উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ আৰু দিল্লীৰ কিছু অংশৰ নদীবোৰ আটাইতকৈ বেছি প্ৰদূষিত হৈছে।

তথ্যত প্ৰকাশ পাইছে যে নদীবোৰত প্ৰতি লিটাৰ পানীত ৩০ মিলিগ্ৰাম বিষাক্ত পদাৰ্থ আছে। এয়া মানুহ আৰু পৰিৱেশৰ বাবে ভাবুকিৰ সৃষ্টি কৰে।

এই নদীৰ পানী প্ৰদূষিত হোৱাতো চিন্তনীয় বিষয় কিয়নো জলসিঞ্চন, ঘৰুৱা ব্যৱহাৰ বা উদ্যোগিক ক্ষেত্ৰত এয়া পানী ব্যৱহাৰ কৰা হয়। প্ৰতিবেদনত এয়াও কোৱা হৈছে যে, পানী প্ৰদূষণৰ সমস্যাৰ মোকাবিলা কৰিবলৈ তাৎক্ষণিক পদক্ষেপ লোৱাটো অত্যাৱশ্যকীয়।

ভাৰতৰ নদীৰ ৮০ শতাংশ পানীয়েই ব্যৱহাৰৰ বাবে উপযোগী নহয়ঃ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড
''ভাৰত এনে এখন দেশ হ'ব লাগিব যিয়ে পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in