চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৮ জন মাওবাদী নিহত

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৮ জন মাওবাদী নিহত

ডিজিটেল ডেস্কঃ চত্তিশগড়ৰ বীজপুৰ জিলাত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰে হোৱা সংঘৰ্ষত ৮ জন মাওবাদী নিহত হয়। মঙলবাৰে আৰক্ষী বিষয়াই জনাই এই কথা। আৰক্ষীয়ে জনাই যে, গংগালুৰ আৰক্ষী থানা ক্ষেত্ৰত মাওবাদীৰ তথ্য লাভ কৰাৰ পাছতেই সোমবাৰে নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। এই অভিযানত ডিআৰজি, এছটিএফ আৰু কোবৰা বেটেলিয়ান আছিল।

আজি পুৱা প্ৰায় ৬ বজাত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ লোকৰ ওপৰত আক্ৰমণ কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰে। কিছু সময় ধৰি দুয়োটা পক্ষৰ মাজত গুলীয়াগুলী চলাৰ পাছত মাওবাদীসকল উক্ত স্থানৰ পৰা পলাই যায়। পাছত যেতিয়া উক্ত স্থানত আৰক্ষীয়ে অভিযান চলাই তেতিয়া ৮ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হয়। লগতে জব্দ হয় বিভিন্ন অস্ত্ৰ, শস্ত্ৰ।

বৰ্তমান আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাই আছে আৰু মাওবাদী কেইজনৰ চিনাক্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি চলিত বৰ্ষত বীজপুৰ জিলাত বিভিন্ন ক্ষেত্ৰত প্ৰায় ৪১ জন মাওবাদী নিহত হৈছে।

উল্লেখ্য যে, বীজপুৰ জিলাত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত নিৰাপত্তাৰক্ষীৰ নজৰ বৃদ্ধি পাইছে।

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৮ জন মাওবাদী নিহত
আপলৈ ডাঙৰ সকাহ! সুৰা নীতি কেলেংকাৰী অভিযুক্ত সঞ্জয় সিঙৰ জামিন লাভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in