নিটি আয়োগৰ বৈঠকত আলোচনা ১০০ৰো অধিক বিষয়, উপস্থিত নাথাকিল ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰী

ইয়াৰ মাজতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা নীতি আয়োগৰ বৈঠকত উপস্থিত নাথাকে ৮ খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী।

author-image
Asomiya Pratidin
New Update
নিটি আয়োগৰ বৈঠকত আলোচনা ১০০ৰো অধিক বিষয়, উপস্থিত নাথাকিল ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ উত্তপ্ত হৈ আছে দেশৰ ৰাজনীতি। ইয়াৰ মাজতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা নীতি আয়োগৰ বৈঠকত উপস্থিত নাথাকে ৮ খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী। ইয়াক লৈ সৰৱ হৈ উঠিছে বিজেপি।

Advertisment

দলটোৰ নেতা  ৰবিশংকৰ প্ৰসাদে কয় যে যি সকল মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকত অংশ গ্ৰহণ নকৰিলে তেওঁলোক 'দায়িত্বহীন' আৰু 'জনবিৰোধী'।  নীতি আয়োগৰ এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে স্বাস্থ্য, দক্ষতা বিকাশ, মহিলা সৱলীকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

ৰবিশংকৰে সংবাদ মাধ্যমৰ আগত কয় যে, নীতি আয়োগৰ বৈঠক দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই বৈঠকত দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশৰ মেপ তৈয়াৰ কৰা হয়। আয়োগৰ অষ্টম বৈঠকৰ বাবে ১০০ টাতকৈ অধিক বিষয় নিৰ্ধাৰণ কৰা হৈছিল।কিন্তু তাৰ পাছতো ৮ গৰাকীকৈ মুখ্যমন্ত্ৰী উপস্থিত নাথাকিল।

উল্লেখ্য যে, আজিৰ এই বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আদিয়েও অংশ গ্ৰহণ নকৰে।কেৱল ইয়ানেই নহয়, ২৮ মে'ত দেশৰ নতুন সংসদ ভৱন উদ্বোধন কাৰ্যসূচীতো উপস্থিত নাথাকে প্ৰায় ২০ টা বিৰোধী ৰাজনৈতিক দল।

Also Read: তামিলনাডুৰ এটি ৰে'লআলিৰ মনোমোহা সৌন্দৰ্য

narendra modi niti ayog