সপ্তম নৰ্থ ইষ্ট ষ্টুডেণ্ট ফেষ্টিভেলঃ কিৰেণ ৰিজিজু, জ্যোতিৰাদিত্য সিন্ধিয়া, ঋষি বৰুৱাৰ অংশগ্ৰহণ...

মাই হোম ইণ্ডিয়াৰ প্ৰশংসনীয় পদক্ষেপ

author-image
Asomiya Pratidin
New Update
সপ্তম নৰ্থ ইষ্ট ষ্টুডেণ্ট ফেষ্টিভেলঃ কিৰেণ ৰিজিজু, জ্যোতিৰাদিত্য সিন্ধিয়া, ঋষি বৰুৱাৰ অংশগ্ৰহণ...

ডিজিটেল সংবাদ নতুন দিল্লীঃ নতুন দিল্লীৰ তালক'টৰা ষ্টেডিয়ামত শনিবাৰে "মাই হ'ম ইণ্ডিয়াৰ" উদ্যোগত বৰ্ণাঢ্য কায্যসূচীৰে আয়োজন কৰা হয় সপ্তম নৰ্থ ইষ্ট স্টুডেন্ট ফেষ্টিভেল৷ মাই হ'ম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰৰ উপস্থিতিত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে শুভাৰম্ভ কৰে এই ফেষ্টিভেলৰ ৷

Advertisment

অনুষ্ঠানত উপস্থিত থাকে উত্তৰ-পূৱ উন্নয়ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ৷ এই অনুষ্ঠানত অসমৰ পৰা আমন্ত্ৰিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সাদিন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা৷

দিল্লীত অধ্যয়নৰ বাবে আহা উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ সহস্ৰাধিক নৱাগত ছাত্ৰ -ছাত্ৰীক আদৰণি জনাবৰ বাবে আয়োজন কৰা হয় নৰ্থ ইষ্ট স্টুডেন্ট ফেষ্টিভেলৰ। মাই হ'ম ইণ্ডিয়াৰ উদ্যোগত সপ্তম বাৰৰ বাবে আয়োজন কৰা এই ফেষ্টিভেলৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং আৰু মাই হ'ম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰৰ উপস্থিতিত শুভাৰম্ভ কৰা হয় এই ফেষ্টিভেল ৷ এই ফেষ্টিভেলৰ মঞ্চৰ পৰাই মণিপুৰত শান্তিৰ বাবে কুকি আৰু মেইটেই দুয়োটা জনগোষ্ঠীক অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ পথলৈ আহিবলৈ আহ্বান জনায় ৰিজিজুয়ে ৷

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা আৰু তেঁওলোকৰ সামৰ্থ্যক দেশৰ প্ৰতিটো প্ৰান্তত পৰিচয় কৰোৱাৰ প্ৰয়াস মাই হ'ম ইণ্ডিয়াই বিগত ২০ বছৰৰ দৰে সদায়ে কৰি যাব বুলি মন্তব্য কৰে সুনীল দেওধৰে৷ দিল্লী বিশ্ববিদ্যায়লত অধ্যয়নৰত উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ সহস্ৰাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে এই ফেষ্টিভেলত ৷

অনুষ্ঠানত উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ সংস্কৃতিক তুলি ধৰা হয় ৷ এই অনুষ্ঠানত অংশ লৈ উত্তৰ-পূৱৰ নবাগত ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনায় কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই৷

এই অনুষ্ঠানত পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ বহুকেইটা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। অনুষ্ঠানত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা যোগ কায্যসূচী আছিল অতিকৈ আকৰ্ষণীয় ৷

অনুষ্ঠানত সংগীত পৰিবেশনৰ বাবে আমন্ত্ৰণ কৰা হয় উত্তৰ পূৱৰ বহু কেইজন জনপ্ৰিয় শিল্পীক ৷ সংগীত পৰিবেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছে অসমৰ কণ্ঠশিল্পী দীপলিনা ডেকা, নাগালেণ্ডৰ মিউজিক বেণ্ড, এলব' নগাৰ লগতে আন বহু কেইজনক।

Also Read: শিল্পী, সাহিত্যিক আতিকুৰ ৰহমানৰ মৃত্যুত শোক...

কিৰেণ ৰিজিজু ঋষি বৰুৱা দিল্লী