শিল্পী, সাহিত্যিক আতিকুৰ ৰহমানৰ মৃত্যুত শোক...

নগাঁৱত শোকৰ ছাঁ

author-image
Asomiya Pratidin
New Update
শিল্পী, সাহিত্যিক আতিকুৰ ৰহমানৰ মৃত্যুত শোক...

শিল্পী, সাহিত্যিক আতিকুৰ ৰহমানৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ নগাঁও: শিল্পী, শিক্ষক, সাহিত্যিক আতিকুৰ ৰহমানৰ মৃত্যু। শুকুৰবাৰে নিশা মৃত্যুক সাৱতি লয় আতিকুৰ ৰহমানে। ৬২ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱা আতিকুৰ ৰহমানৰ মৃত্যুত শোকৰ ছাঁ পেলাইছে নগাঁৱত।

Advertisment

উচ্চ ৰক্ত চাপ জনিত, ডায়েবিটিছ ৰোগত আক্ৰান্ত শিল্পী, সাহিত্যিক আতিকুৰ ৰহমান চিকিৎসকৰ তত্বাবধানতে আছিল যদিও শুকুৰবাৰে নিশা জীৱন যুঁজত হাৰ মানে। নগাঁও চহৰৰ আমিনপট্টিৰ চামচুল হুদা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দুটি বৰ্ষৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল প্ৰয়াত ৰহমানে।

অনাতাৰ শিল্পী সুকন্ঠৰ অধিকাৰী আতিকুৰ ৰহমান এজন নিপুন চিত্ৰ শিল্পীও আছিল। মৃত্যুৰ সময়ত পত্নী, দুই সন্তানক এৰি থৈ যোৱা নগাঁও চহৰৰ মণিৰাম দেৱান পথৰ নিবাসী আতিকুৰ ৰহমানৰ জানাজা শণিবাৰে বিয়লি সম্পন্ন হয় ।

Also Read: থাইলেণ্ডত পুনৰ উজলিছে অম্বৰিশ নিং গগৈ...

আতিকুৰ ৰহমান