দিল্লী কৰ্তব্য পথত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

শুকুৰবাৰে দেশে পালন কৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস। দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গণৰাজ্য দিৱস।

author-image
Asomiya Pratidin
New Update
দিল্লী কৰ্তব্য পথত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দেশে পালন কৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস। দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। দিল্লীত বিজয় চ’কৰ পৰা কৰ্তব্য পথলৈ পেৰেডৰে আৰম্ভ হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী । ঘোঁৰা গাড়ীৰে কৰ্তব্য পথলৈ আহিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ তাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত আৰু বন্দুকৰ প্ৰণালীয়ে অভিবাদন জনায় ।

Advertisment

এই অনুস্থানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে একাধিক কেন্দ্ৰীয় মন্ত্ৰী। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰে দেশৰ শৌৰ্য-বীৰ্যৰ । পেৰেডত অংশগ্ৰহণ কৰে ফ্ৰান্সৰ সামৰিক বাহিনীয়ে। প্ৰৰ্দশন কৰে ১৬খন ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট । ৪৬ খন  যুদ্ধ বিমানে নিজা শৈলী প্ৰদৰ্শন কৰে । ইয়াৰ লগতে পেৰেডত অংশগ্ৰহণ কৰে সেনাৰ তিনিটা গোটৰ মহিলা সৈনিকে । এই বৰ্ষৰ পেৰেডত 'বিকশিত ভাৰত আৰু নাৰী সৱলীকৰণ' বিষয়বস্তুৰ ওপৰত আধাৰিত ।

Also Read: উৰিয়াগাওঁ অৰ্জুনতলৰ নামঘৰৰ শুভ উদ্বোধন

droupadi murmu narendramodi 75th republic day republic day