আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস

আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গণৰাজ্য দিৱস । দিল্লীত কৰ্তব্য পথত গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ'ব দেশৰ প্ৰতীৰক্ষা, সুৰক্ষা আদি ক্ষেত্ৰৰে জড়িত সেনাকে ধৰি আন আন সুৰক্ষা বিভাগ সমূহৰ লগতে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট ।

author-image
Asomiya Pratidin
New Update
আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস

ডিজিটেল ডেস্কঃ আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গণৰাজ্য দিৱস । দিল্লীত কৰ্তব্য পথত গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ'ব দেশৰ প্ৰতীৰক্ষা, সুৰক্ষা আদি ক্ষেত্ৰৰে জড়িত সেনাকে ধৰি আন আন সুৰক্ষা বিভাগ সমূহৰ লগতে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট ।এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।

Advertisment

উল্লেখ্য যে এই দিনটোতে ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰত এখন সার্বভৌমত্ব ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল। মহাত্মা গান্ধীৰ দৰে অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত এইয়া সম্ভৱ হৈ উঠিছিল। তেতিয়াৰে পৰা জানুৱাৰীৰ ২৬ দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস হিচাপে স্বীকৃতি দি উদযাপন কৰি আহিছে। সমগ্ৰ দেশৰ লগতে আজি অসমৰো প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱস পালন কৰা হৈছে। মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পালন কৰা হ’ব গণৰাজ্য দিৱস।

Also Read: পদ্ম বঁটা ২০২৪ঃ ৫গৰাকীলৈ পদ্মবিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী

75th republic day republic day india