
ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। যি কোনো কাৰণতেই নহওক কিয় একাংশই আপোনজনক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে। ইয়াৰ মাজতে এক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা অঞ্চলত।
এজন পিতৃয়ে প্ৰেমিকাৰ লগত বিয়াত বহিবৰ বাবে নিজৰ ২ বছৰীয়া সন্তানত হত্যা কৰে। এই ঘটনা মুম্বাইৰ মাহিমৰ। ছাহু নগৰ আৰক্ষীৰ মতে অভিযুক্ত গৰাকীৰ নাম ৰহমত আলী আঞ্চাৰী। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। শুকুৰবাৰে আৰক্ষীয়ে জনাই এই কথা।
ঘটনাৰ বিৱৰণী অনুসৰি পিতৃয়ে শিশুটিক চকলেট দিয়াৰ চলেৰে গুদামলৈ লৈ যায় আৰু ডিঙি চেপি হত্যা কৰে। পাছত প্লাষ্টিকৰ বেগত মৃতদেহ ভৰাই নলাত পেলাই দিয়ে।
অভিযোগ অনুসৰি প্ৰেমিকাৰ বাবেই শিশুটিক হত্যা কৰে অভিযুক্তই। কিয়নো প্ৰেমিকাই চৰ্ত ৰাখিছিল যে পত্নী আৰু সন্তানক হত্যা কৰাৰ পাছতহে তেওঁ বিয়াত বহিব। যাৰ বাবে প্ৰেমিকে এই হত্যাকাণ্ড সংঘটি কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।