ইটা ভাটাত বিস্ফোৰণ; নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মোডীৰ...

শুকুৰবাৰে সন্ধিয়া বিহাৰৰ মতিহাৰীত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰামগড়ৱাৰ নাৰিলগিৰিৰ এটা ইটা ভাটা হোৱা বিস্ফোৰণৰ ফলত ৭ জন লোকৰ মৃত্যু হয়।
ইটা ভাটাত বিস্ফোৰণ; নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মোডীৰ...

ডিজিটেল ডেস্ক: শুকুৰবাৰে সন্ধিয়া বিহাৰৰ মতিহাৰীত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰামগড়ৱাৰ নাৰিলগিৰিৰ এটা ইটা ভাটা হোৱা বিস্ফোৰণৰ ফলত ৭ জন লোকৰ মৃত্যু হয়।

ইয়াৰ উপৰিও ১০ জনতকৈ অধিক লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। আনহাতে ১৬ জন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ঘটনাটো সংঘটিত হোৱাৰ পাছত অঞ্চলটোৰ লোকসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। আহতসকলৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ মতে বিস্ফোৰণৰ শব্দ বহু দূৰলৈ শুনা গৈছিল। নিহতসকলৰ ভিতৰত ৪ জন স্থানীয় লোক আৰু ৩ জন উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল বুলি বিহাৰ আৰক্ষীয়ে জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনা সম্পৰ্কত শোক প্ৰকাশ কৰিছে। টুইটাৰ যোগে পিএমঅৰ টুইটযোগে লিখিছে, "মতিহাৰীৰ এটা ইটাভাটাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে মৰ্মাহত। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ বাবে প্ৰাৰ্থনা। পিএমএনআৰএফে প্ৰতিজন মৃতকৰ পৰিয়ালক ২ লাখ টকা সাহাৰ্য প্ৰদান কৰিব। লগতে আহতসকললৈ আগবঢ়াব ৫০,০০০ টকা ।"

আৰু পঢ়ক: ৩২৫০ কোটি টকা! ICICI বেংকৰ প্ৰাক্তন চিইঅ' আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ চিবিআইৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in