/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/259ba31a-c0ff-444e-b7b8-71ccb94ff9b9/cbi.jpg)
ডিজিটেল ডেস্ক: শুকুৰবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰে আইচিআইচিআই বেংকৰ প্ৰাক্তন পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰক। আইচিআইচিআই বেংক-ভিডিঅ'কন মানি লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ কৰে আটাইকেইজনক।
চিবিআইৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে অভিযুক্ত প্ৰাক্তন আইচিআইচিআই বেংকৰ চিইঅ চান্দা কোছাৰে ভিডিঅ'কন গ্ৰুপ অফ কোম্পানীৰ বাবে ঋণ মুকলি কৰিছিল।
লগতে অভিযোগ আছে যে, এতেওঁৰ স্বামী দীপক কোছাৰৰ মালিকানাধীন এটা কোম্পানীত ভিডিঅ'কনে বিনিয়োগ কৰিছিল।
এই গোচৰ অনুসৰি চন্দা কোছাৰে বেংকটো নেতৃত্ব কৰাৰ সময়ত আইচিআইচিআইয়ে ভিডিঅ'কন গ্ৰুপক ৩২৫০ কোটি টকাৰ ঋণ দিছিল।
আৰু পঢ়ক: বিজেপিৰ মতে, ভাৰত জোড়ো যাত্ৰা য'ত চলিছে তাতেই ক'ভিড আছে: ৰাহুল গান্ধী