চলিত বৰ্ষত ৬৮ গৰাকী ৰাজ্যসভাৰ সাংসদে গ্ৰহণ কৰিব অৱসৰ

চলিত বৰ্ষত ৬৮ গৰাকী ৰাজ্যসভাৰ সাংসদে গ্ৰহণ কৰিব অৱসৰ

ডিজিটেল ডেস্কঃ ৯ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি ৬৮ জন সদস্যৰ কাৰ্যকাল এই বছৰ সমাপ্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সংসদৰ উচ্চ সদনত ৬ বছৰীয়া কাৰ্যকালৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে।

এই ৬৯ টা খালী পদৰ ভিতৰত ইতিমধ্যে দিল্লীত তিনিখন আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰা হৈছে। আম আদমী পাৰ্টিৰ আপ সঞ্জয় সিং, নাৰায়ণ দাস গুপ্তা আৰু সুশীল কুমাৰ গুপ্তাৰ কাৰ্যকাল ২৭ জানুৱাৰীত সমাপ্ত হ'ব। ছিকিমৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবেও নিৰ্বাচন ঘোষণা কৰা হৈছে। ইয়াত ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টৰ (এছডিএফ) সদস্য হিছে লাচুংপাই ২৩ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব।

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকে ধৰি ৫৭ জন নেতাৰ কাৰ্যকাল এপ্ৰিলত সমাপ্ত হ'ব।

উত্তৰ প্ৰদেশত ১০ খন আসন, মহাৰাষ্ট্ৰ আৰু বিহাৰত ৬ খনকৈ,মধ্যপ্ৰদেশ আৰু পশ্চিমবংগত ৫ খনকৈ,কৰ্ণাটক আৰু গুজৰাটত ৪ খনকৈ, উৰিষ্যা, তেলেংগানা, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত ৩ খনকৈ, ঝাৰখণ্ড আৰু ৰাজস্থানত ২ খনকৈ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু চট্টীশগড়ত ১ খন আসন খালী হ'ব।

চলিত বৰ্ষত ৬৮ গৰাকী ৰাজ্যসভাৰ সাংসদে গ্ৰহণ কৰিব অৱসৰ
ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক সম্পূৰ্ণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in