''মই তাইক ঠেলি দি বুকুৰ ওপৰত বহিছিলো আৰু মৃত্যু নোহোৱালৈকে ডিঙি চেপি আছিলো''

দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই পুনৰ জোকাৰণি তুলিছে দেশত। এই হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব পুনাৱালক গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছিল ন ন তথ্য লগতে ওলাই পৰিছিল আফতাবৰ নৃশংসতাৰ কথা।

author-image
Asomiya Pratidin
New Update
''মই তাইক ঠেলি দি বুকুৰ ওপৰত বহিছিলো আৰু মৃত্যু নোহোৱালৈকে ডিঙি চেপি আছিলো''

Sharddha Walkar

ডিজিটেল ডেস্ক: দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই পুনৰ জোকাৰণি তুলিছে দেশত। এই হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব পুনাৱালক গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছিল ন ন তথ্য লগতে ওলাই পৰিছিল আফতাবৰ নৃশংসতাৰ কথা।

Advertisment

এই হত্যাকাণ্ডৰ ছাৰ্জশ্বীট দাখিল কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ এই হত্যাকাণ্ডৰ ৬,৬০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। এই ছাৰ্জশ্বীটত হত্যাকাণ্ডৰ সমগ্ৰ বিৱৰণ দিয়া আছে। কেনেকৈ শ্ৰদ্ধাক হত্যা কৰিছিল আৰু কেনেদৰে মৃতদেহৰ প্ৰতিটো অংশ নষ্ট কৰাৰ চেষ্টা কৰিছিল এই সমগ্ৰ তথ্য আছে।

অভিযোগত পত্ৰত উল্লেখ থকা অনুসৰি, শ্ৰদ্ধা আৰু আফতাবৰ মাজত হোৱা কাজিয়াৰ মূল কাৰণ আছিল অন্য যুৱতীৰ লগত আফতাবৰ সম্পৰ্ক। দিল্লীৰ পৰা আৰম্ভ কৰি ডুবাইৰ যুৱতীলৈ সম্পৰ্ক ৰাখিছিল আফতাবে।

হত্যাৰ পিছত, যেতিয়া আফতাবৰ এগৰাকী প্ৰেমিকা ঘৰলৈ আহিছিল তেতিয়া তেওঁ শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ ফ্ৰিজৰ পৰা উলিয়াই পাকঘৰত ৰাখিছিল। যুৱতী গৰাকী যোৱাৰ পাছত পুনৰ ফ্ৰীজত ভৰাই ৰাখিছিল।

আফতাবে শ্ৰদ্ধাৰ মৃতদেহ কাটিবলৈ এখন কটাৰী, এটা হাতুৰী আৰু ৩ খনকৈ চুৰি ব্যৱহাৰ কৰিছিল। শ্ৰদ্ধাৰ মৃতদেহ কাটি থাকোঁতে তেওঁৰ হাতত আঘাত পাইছিল যাৰ যাৰ বাবে তেওঁ ওচৰৰ চিকিৎসকৰ পৰা পাঁচটা চিলাই লৈছিল।

১৮ মে'ৰ পাছত শ্ৰদ্ধাৰ ফোনতো আফতাবৰ লগতে আছিল। ১৮ মে'ত শ্ৰদ্ধাক হত্যা কৰাৰ দিনাই আফতাবে চিকেন ৰোল অৰ্ডাৰ কৰি খাইছিল। তাৰ পাছতেই কেইবাটাও পানীৰ বটল অৰ্ডাৰ কৰিছিল।

আফতাবে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছিল যে শ্ৰদ্ধাই কাজিয়া কৰা আৰু গালি পৰা বাবে তেওঁ অতিষ্ঠ হৈ পৰিছিল আৰু শ্ৰদ্ধাৰ পৰা দূৰত যাব বিচাৰিছিল। "মই তাইক ধৰি মজিয়াত ঠেলি দিছিলো, আৰু তাইৰ বুকুত বহিছিলো। তাই যেতিয়ালৈকে মৰা নাছিল তেতিয়ালৈকে মই তাইক দুয়োখন হাতেৰে শ্বাসৰুদ্ধ কৰি ৰাখিছিলো। তাইৰ মৃতদেহটো বাথৰুমত লুকুৱাই ৰাখিছিলো" আফতাবে কৈছিল।

তেজ পৰিষ্কাৰ কৰিবলৈ আফতাবে বিভিন্ন ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰিছিল। এনেকৈয়ে শ্ৰদ্ধাৰ প্ৰেমিক আফতাবে হত্যাকাণ্ড সংঘটিত কৰিছিল ।

আৰু পঢ়ক: বুট-মাহ খোৱাৰ পাছতেই অসুস্থ, ১৪ জন চিকিৎসাধীন

crime delhi police