বুট-মাহ খোৱাৰ পাছতেই অসুস্থ, ১৪ জন চিকিৎসাধীন

ধেমাজিত বুটমাহ খাই অসুস্থ হৈ পৰে কেইবাজনো। ইয়াৰ পাছতেই চিকিৎসাধীন হয় ১৪ গৰাকীকৈ লোক ৷

author-image
Asomiya Pratidin
New Update
বুট-মাহ খোৱাৰ পাছতেই অসুস্থ, ১৪ জন চিকিৎসাধীন

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত বুটমাহ খাই অসুস্থ হৈ পৰে কেইবাজনো। ইয়াৰ পাছতেই চিকিৎসাধীন হয় ১৪ গৰাকীকৈ লোক ৷

Advertisment

তথ্য অনুসৰি লখিমপুৰ ,ধেমাজি জিলাৰ সীমান্তৱৰ্তী শ্ৰীমন্তপুৰ গাওঁৰ বহুকেই গৰাকী লোকে সোমবাৰে নিশা লখিমপুৰৰ যোৰহটীয়া গাওঁত অনুষ্ঠিত হোৱা এখন ভাওনা চাবলৈ গৈছিল। তেতিয়া দোকানৰ পৰা বুট মাহ কিনি খাইছিল যাৰ পাছতেই অসুস্থ হৈ পৰে আটাইকেইজন।

বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা ১৪ গৰাকীকৈ লোকক মঙলবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানে চিকিৎসাধীন হৈ আছে আটাইকেইজন । লগতে অন্য আক্ৰান্ত হোৱা কেইবাগৰাকীও লখিমপুৰ আৰু ডিব্ৰুগড়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক: বন্ধুয়ে মাতিলে কাল, পাৰ্টীলৈ মাতি নি কৰিলে অপহৰণ, ৫ জন গ্ৰেপ্তাৰ

food poisoning