পদ ৬০০ টা, প্ৰাৰ্থী ২৫ হাজাৰ

পদ ৬০০ টা, প্ৰাৰ্থী ২৫ হাজাৰ

author-image
Asomiya Pratidin
New Update
পদ ৬০০ টা, প্ৰাৰ্থী ২৫ হাজাৰ

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্ক : দেশৰ নিবনুৱা সমস্যাৰ ভয়াৱহতাৰ কথা প্ৰমাণ কৰি মুম্বাইৰ কালিনা অঞ্চলত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা লিমিটেডৰ ৬০০টা পদৰ বাবে ২৫হাজাৰ প্ৰাৰ্থীয়ে হেতা-ওপৰা লগায়। কোম্পানীটোৱে বিভিন্ন মেৰামতি কামৰ ২,২১৬ টা পদৰ বাবে বিজ্ঞাপন দিছিল।

Advertisment

ইয়াৰে ৬০০টা পদৰ বাবে বুধবাৰে ৱাক ইন ইণ্টাৰভিউৰ ব্যৱস্থা কৰা হৈছিল। কালি নিযুক্তিৰ বাবে চেষ্টা চলোৱা ২৫ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে কোম্পানীটোৰ কাৰ্যালয়ৰ বাহিৰত সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।

একাংশ চাকৰি প্ৰত্যাশীৰ মতে কোম্পানীটোৱে আবেদন মাচুল হিচাপে ডিমাণ্ড এণ্ড ড্ৰাফ্ট ঠিকেই সংগ্ৰহ কৰিছে যদিও সাক্ষাৎ গ্ৰহণৰ নামত ভেঁকোভাওনা কৰি এই খেলিমেলিৰ সৃষ্টি কৰিছে।

Also Read: ঢকুৱাখনাৰ লোকনিৰ্মাণ পথত মৰণফাণ্ড...

mumbai