/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/55805ae8-94ed-48eb-a352-3e3ee7c244af/51a5995e-f4db-43e0-8ee8-4abaa69c755d.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এটা সদাব্যস্ত লোকনিৰ্মাণ পথ। ঢকুৱাখনা নগৰৰ পৰা কৃষ্ণপুৰ হৈ মাজুলী সংযোগী এই পথটো পতিত হৈছে মৰণফাণ্ডলৈ ।
ঢকুৱাখনা ব্লক চাৰিআলিৰ পৰা বলাইঘাট হৈ যোৱা এই সদা ব্যস্ত পথটোৰ বলাই ঘাট দলংৰ এটা মূৰ চাৰিকড়ীয়া নদীৰ পানীৰ হেঁচাৰ বাবে বুধবাৰে নিশা খহি যোৱাৰ বাবে পথটোৰে স্বাভাৱিক জীৱন যাত্ৰা ভয়ানকভাৱে বিপৰ্যস্ত হৈছে। পথ আৰু দলঙৰ এটা এপ্ৰ'চ খহি গৈ সৃষ্টি কৰা ভয়ানক গাঁতত পৰি যিকোনো মুহূৰ্ততে শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ইংগিত দি আহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/71f37614-3ff0-49ab-9207-45ee3d0733a5/a75f90d7-c50a-4563-b3a5-a34a3a6261ff.jpg)
অথচ খবৰ নাই লোকনিৰ্মান বিভাগৰ ঢকুৱাখনা সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ। পথটোৰ নিৰ্মান সংস্থাৰ পালমৰা কামৰ বাবে এনেদৰে এটা বৃহৎ অংশ খহি গৈ বৃহৎ খাল সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/439ac3fa-799c-49f6-a7c1-067000b8f848/d9885e5c-884f-4ff3-93f2-4865d4dcb01b.jpg)
ৰাইজৰ দাবী লোকনিৰ্মান বিভাগে তৎকালে এই গুৰুত্বপূৰ্ণ পথটো পথচাৰীৰ বাবে সুৰক্ষিত কৰি মেৰামতি কৰাৰ দাবী জনাই মহকুমা প্ৰশাসনৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে । লোকনিৰ্মান পথৰ এই ক্ষেত্ৰত অমনোযোগী পদক্ষেপৰ বিপৰীতে স্থানীয় ৰাইজে গছৰ ডাল পেলাই সম্ভাব্য বিপদৰ পৰা পথচাৰীক সুৰক্ষিত কৰাৰ চেষ্টা চলাইছে।