চট্টীশগড়ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৬ মাওবাদী

নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত ৬জন মাওবাদী। নিহত কেইজনৰ ভিতৰত দুগৰাকী মহিলা কেডাৰো আছে। বুধবাৰে চট্টীশগড়ৰ বীজাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
চট্টীশগড়ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৬ মাওবাদী

ডিজিটেল ডেস্কঃ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত ৬জন মাওবাদী। নিহত কেইজনৰ ভিতৰত দুগৰাকী মহিলা কেডাৰো আছে। বুধবাৰে চট্টীশগড়ৰ বীজাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

Advertisment

আৰক্ষী মহাপৰিদৰ্শক (বস্তাৰ ৰেঞ্জ) সুন্দৰৰাজ পিয়ে জনোৱা অনুসৰি বাচাগুড়া আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত চিপুৰভাট্টি গাঁৱৰ ওচৰৰ তালপেৰু নদীৰ কাষত অৱস্থিত বনাঞ্চলত গুলীচালনা সংঘটিত হৈছিল। নিৰাপত্তাৰক্ষীৰ এটা দলে মাওবাদীৰ বিৰুদ্ধে অভিযানত যাওতে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।

মাওবাদী কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ। তেওঁলোকৰ পৰা উদ্ধাৰ হয় বোমা বিস্ফোৰক সামগ্ৰীও। মৃত মাওবাদীসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বস্তাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বীজাপুৰত প্ৰথম পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে আজি এই গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।

Also Read: ধন আৰু মন...

encounter