/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5963a961-53d1-478d-8094-5ea68c001392/AP_FOR_WEB_bjp.jpg)
ডিজিটেল সংবাদ, ওৰাং:- সংঘাত যেন শেষেই নহ'ব শাসকীয় বিজেপিৰ৷ এফালে যদি ৰাজ্যিক নেতৃত্বই এখন জিলাৰ সংঘাত নিৰাময় কৰিছে, লগে লগে সংঘাতৰ সূত্ৰপাত ঘটিছে আন এখন জিলাত। এইবাৰ সংঘাতৰ স্থান ওদালগুৰি জিলা।
পুনৰ বিজেপিত সংঘাত। ক্ৰমাৎ দীঘলীয়া হৈছে সংঘাতৰ জিলাৰ তালিকা। এটাৰ পিছত আন এটা সংঘাতে জোকাৰিছে বাজপেয়ী ভৱন।অস্বস্তিত ৰাজ্যিক বিজেপি নেতৃত্ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত আৰম্ভ হৈছে দলীয় কাৰ্যকৰ্তাৰ বিদ্ৰোহ।
জিলাই জিলাই বিয়পিছে বিজেপিৰ সংঘাত,। এইবাৰ সংঘাতৰ স্থান ওদালগুৰি জিলা ওদালগুৰিত সমূহীয়া দলত্যাগ। ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা মণ্ডলৰ উপ সভাপতি, সাধাৰণ সম্পাদক আৰু ছ'চিয়েল মিডিয়াৰ আহ্বায়কে একেলগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে অসম বিজেপি সভাপতি ভৱেশ কলিতালৈ। বিকাশ তালুকদাৰ, দ্বীপ ডেকা আৰু প্ৰবীণ শৰ্মাৰ স্বাক্ষৰিত পত্ৰ প্ৰেৰণ কৰে বিজেপিলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1994ae3a-e950-4459-90a1-ad5d9b1ed351/8c7c8a32_eb7f_46a3_9cff_ff944fc81759.jpg)
ক্ৰমাৎ দীঘলীয়া হৈছে সংঘাতৰ তালিকা। কাৰ্বি আংলং, বঙাইগাঁও, নলবাৰী, হোজাই, যোৰহাট, গোৱালপাৰা, শিৱসাগৰ, বজালী জিলাৰ পিছত ওদালগুৰি জিলাৰ পৰাও আহিল দলত্যাগৰ পত্ৰ।দলত্যাগ, সংঘাত, বিদ্ৰোহে উদঙাইছে অনুশাসনত থকা দলটোৰ শেহতীয়া অনুশাসনহীনতাক। যাৰ ফলত বদনামী হৈছে বিজেপি দল। ইয়াৰ প্ৰভাৱ যে আগন্তুক নিৰ্বাচনত পৰিব সেইয়া নিঃচিত।