লোকসভাৰ ছেমি ফাইনেলঃ ২০২৩ ত ৮৬৪ টা বিধানসভা সমষ্টিত নিৰ্বাচন...

লোকসভাৰ ছেমি ফাইনেলঃ ২০২৩ ত ৮৬৪ টা বিধানসভা সমষ্টিত নিৰ্বাচন...
লোকসভাৰ ছেমি ফাইনেলঃ ২০২৩ ত ৮৬৪ টা বিধানসভা সমষ্টিত নিৰ্বাচন...

ডিজিটেল ডেস্কঃ সমাগত দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচন। ২০২৪ ত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। তাৰ পূৰ্বে চলিত বছৰতেই কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন।

মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়, কৰ্ণাটক আৰু তেলেংগানাত চলিত বৰ্ষতে অনুষ্ঠিত হ’ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। ৰাজ্য হিচাপে চালে চলিত বৰ্ষত ৫ খন ৰাজ্যত নিৰ্বাচন আছে যদিও আসনৰ ফালৰ পৰা চালে এই ৫ খন ৰাজ্যত আছে মুঠ ৮৬৪ খন ৰাজ্যিক বিধানসভাৰ আসন।

আনহাতে এই আটাইকেইখন ৰাজ্যত আছে মুঠ ১১০ খন লোকসভাৰ আসন। যিহেতু বিধানসভাৰ নিৰ্বাচনৰ পাছতেই ২০২৪ ত আছে লোকসভাৰ নিৰ্বাচন সেয়ে এই ৰাজ্য কেইখনৰ বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ৰাজ্য কেইখনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰতেই নিৰ্ভৰ কৰিব পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ ফলাফল। চলিত বৰ্ষত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া এই ৫ খন ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত আছে বিজেপিৰ চৰকাৰ। ৰাজস্থান আৰু ছত্তিশগড়ত আছে কংগ্ৰেছৰ চৰকাৰ। তেলেংগানাত আছে বি আৰ এছৰ চৰকাৰ।

ইতিমধ্যে এই আটাইকেইখন ৰাজ্যতে নিৰ্বাচনী তৎপৰতা আৰম্ভ হৈছে। মধ্যপ্ৰদেশত বিজেপিয়ে গৰীৱ কল্যাণ যোজনা, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, উজ্জ্বলা আঁচনি আদি সৰ্বসাধাৰণৰ মাজলৈ লৈ যোৱাৰ কথা প্ৰকাশ কৰিছে।

মধ্যপ্ৰদেশ ৰাজ্যিক বিজেপিৰ মতে বিজেপি চৰকাৰৰ এই আঁচনিবোৰে দৰিদ্ৰ লোকসকলক উপকৃত কৰিছে। সেয়ে এই আঁচনিবোৰেই তেওঁলোকৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ মূল অস্ত্ৰ হ’ব।

২০১৮ ত বসুন্ধৰা ৰাজেৰ নেতৃত্বাধীন বিজেপি চৰকাৰক পৰাস্ত কৰি ৰাজস্থানত কংগ্ৰেছে ক্ষমতা দখল কৰিছিল। কংগ্ৰেছৰ বিপৰ্যয়ৰ সময়ত এই বিজয় আছিল এক আশাৰ কিৰণ।

২০১৮ ত বিজেপিয়ে ৰাজ্যখনত বসুন্ধৰা ৰাজে চৰকাৰৰ কাম-কাজক লৈ প্ৰচাৰ চলাইছিল যদিও সেই ৰণনীতি বিফল হ’ল। এইবাৰ বিজেপিয়ে বৰ্তমানৰ অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আৰু এই চৰকাৰৰ বিফলতাসমূহকেই মূল লক্ষ্য হিচাপে লৈ প্ৰচাৰ চলাব।

ৰাজ্যখনত বিজেপিৰ মুঠ ৫২ হাজাৰ বুথ কমিটী আছে। এই বুথ কমিটীবোৰে স্থানীয় ভোটাৰ তালিকা লৈ প্ৰতিজন ভোটাৰৰ কাষলৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰু সেই সেই অঞ্চলত কংগ্ৰেছৰ বিৰুদ্ধে কিদৰে যুঁজত নামিব সেই বিষয়ে পৰিকল্পনা প্ৰস্তুত কৰিছে।

চৰকাৰী নিযুক্তিত প্ৰশ্ন কাকত ফাদিল, দুৰ্নীতি, নাৰী জনিত অপৰাধ, কৃষকৰ ঋণ মাফ আদি বিষয়ত গেহলট চৰকাৰক এতিয়াৰে পৰা সমালোচনাৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে। আনহাতে ৰাজ্যখনত এইবাৰ বিজেপিয়ে এজনো মুছলমান ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান নকৰে।

ইয়াৰ বিপৰীতে ৰাজ্যখনত এইবাৰ বিজেপিয়ে ব্ৰাহ্মণ সম্প্ৰদায়ক সন্মুখত লৈ নিৰ্বাচনী ৰণত নমাৰ পৰিকল্পনা কৰিছে। ৰাজ্যখনত দলটোৰ সভাপতি পদত নিযুক্তি দিছে এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ ব্যক্তি। ইয়াৰোপৰি অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ সংঘাত, পূৰ্বৰ অভিজ্ঞতা আদি বিষয়বোৰ সামৰি নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে।

ইফালে নেতা অবিহনেই ছত্তিশগড়ত বিজেপিয়ে শাসনাধিস্ত কংগ্ৰেছৰ বিৰুদ্ধে যুঁজত নামিবলৈ সাজু হৈছে। ৰাজ্যখনত আছে কংগ্ৰেছৰ চৰকাৰ। মুখ্য বিৰোধী দল বিজেপি।

এই মুহূৰ্তলৈকে ছত্তিশগড়ত কোনো শক্তিশালী ৰাজ্যিক পৰ্যায়ৰ বিজেপিৰ নেতা নাই। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীৰ মুখখনেই তেওঁলোকৰ একমাত্ৰ ভৰসা। বৰ্তমানলৈকে ছত্তিশগড়ত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে থিয় দিব পৰাকৈ এজনো শক্তিশালী বিজেপিৰ নেতা নাই।

ৰাজ্যখনত বিজেপিয়ে কংগ্ৰেছক ৰুধিবলৈ মূলতঃ দুটা বিষয়ৰ ওপৰত গুৰুত্ব দিছে। প্ৰথমটো হৈছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আৰু দ্বিতীয়টো হৈছে আসন সংৰক্ষণ।

ৰাজ্যখনত বিজেপিয়ে গাঁৱে গাঁৱে গৈ প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীৰ বাবে ১৬ লাখ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে ১০ হাজাৰ কোটি টকা প্ৰেৰণ কৰিছে। কিন্তু ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ ফালৰ পৰা দিবলগীয়া ধন মুকলাই দিয়া নাই।

যাৰ বাবে ছত্তিশগড়ত ১৬ লাখ পৰিয়ালে গৃহ লাভ কৰা নাই। আনহাতে ৰাজ্যখনত যোৱা ১ ডিচেম্বৰত এখন নতুন বিল পাছ কৰা হৈছে। সেই অনুসৰি ৰাজ্যখনৰ সংৰক্ষণ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন নিশ্চিত হৈছে।

উচ্চ ন্যায়ালয়ে এই নতুন সংৰক্ষণ নীতিত স্থগিতাদেশ জাৰি কৰিছে। কিয়নো এই নতুন সংৰক্ষণ নীতিৰ ফলত ৫০ শতাংশতকৈ অধিক সংৰক্ষণ নীতিৰ বিৰুদ্ধে গৈছে। যাৰ বাবে ৰাজ্যখনত সংৰক্ষণ ব্যৱস্থাত আদিবাসীসকলৰ সংৰক্ষণ পুনৰ হ্ৰাস পালে।

সেয়ে কংগ্ৰেছ চৰকাৰৰ প্ৰতি নাৰাজ ছত্তিশগড়ৰ আদিবাসীসকল। যাৰ বাবে এই বিষয়টোক ব্ৰহ্মাস্ত্ৰ হিচাপে লৈ ৰাজ্যিক বিজেপিয়ে সৰ্বাসাধাৰণৰ মাজলৈ সোমাই গৈছে।

কৰ্ণাটকত আকৌ বিজেপিয়ে আৰম্ভ কৰিছে টিপু চুলতান বনাম বীৰ ছাভাৰকাৰৰ যুঁজ। বিজেপিয়ে মোগলসকল যিদৰে দেশৰ বাবে শত্ৰু ঠিক সেইদৰে কৰ্ণাটকত টিপু চুলতানো শত্ৰু বুলি প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছ টিপু চুলতানক লৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে। বিজেপিয়ে হিন্দু ভোটাৰক একত্ৰিত কৰিবলৈ এই ৰণনীতি প্ৰস্তুত কৰিছে বুলি ৰাজনৈতিক বিশেষজ্ঞই দাবী কৰিছে।

ইতিহাসৰ বিকৃতি কৰি হলেও বিজেপিয়ে টিপু চুলতানৰ বিষয়টোক জনতাৰ মাজলৈ লৈ যাবলৈ ওলাইছে। বিজেপিয়ে প্ৰচাৰ চলাইছে টিপু চুলতান ইংৰাজৰ হাতত নহয় বৰঞ্চ উৰি গৌৰা আৰু নিঞ্জে গৌৰাৰ হাতত মৃত্যু হৈছিল।

উল্লেখ্য উৰি গৌৰা আৰু নিঞ্জে গৌৰাৰ কোনো ঐতিহাসিক ভিত্তি অথবা তথ্য নাই। এয়া কেৱল কাল্পনিক দুই চৰিত্ৰ। মাত্ৰ কিছু দিন পূৰ্বে নাটকত এইদৰে দুই চৰিত্ৰক জন্ম দিয়া হৈছিল।

দক্ষিণ ভাৰতত এতিয়াও খোপনি পুতিবলৈ সক্ষম নোহোৱা বিজেপিয়ে এইবাৰ তেলেংগানাত ক্ষমতা দখলৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। ২০১৮ ৰ বিধানসভা নিৰ্বাচনত মাত্ৰ এখন আসন দখল কৰা বিজেপিয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত ৪ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল।

সমান্তৰালকৈ পৰৱৰ্তী সময়ত অনুষ্ঠিত দুটা উপ-নিৰ্বাচনতো বিজেপিয়ে বিজয় সাব্যস্ত কৰিছিল। হায়দৰাবাদ নগৰ নিগম নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শন আছিল যথেষ্ট ভাল। যাৰ বাবে বিজেপিয়ে এতিয়া তেলেংগানা দখলৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে।

দলটোৱে ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ)ৰ দলৰ চৰকাৰৰ পৰা শাসনভাৰ নিজৰ হাতলৈ আনিব পাৰিব বুলি আশা কৰিছে। ৰাজ্যখনত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰি অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডাই ধাৰাবাহিক ভাৱে প্ৰচাৰ চলাই আছে।

সমান্তৰালকৈ মুখ্যমন্ত্ৰী তথা বি আৰ এছ নেতা কে চি আৰে বিৰোধী দলক বিজেপিৰ বিৰুদ্ধে একত্ৰিত কৰিবলৈ প্ৰচেষ্টা আব্যাহত ৰাখিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বিজেপিয়ে ৰাজ্যখনৰ উত্তৰ প্ৰান্তত অধিক গুৰুত্ব দিছে।

কিয়নো উত্তৰ তেলেংগানাৰ পৰাই বিজেপিয়ে ৩ খন লোকসভাৰ আসন লাভ কৰিছে। নিযুক্তি, পেঞ্চন, দুৰ্নীতি আদি বিষয়ক বিজেপিয়ে মূল টাৰ্গেত হিচাপে লৈছে।  এইদৰেই এতিয়া ৫ ৰাজ্যত নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলি আছে। এই ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে যে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক ইংগিত দিব সেয়া নিশ্চিত।     

লোকসভাৰ ছেমি ফাইনেলঃ ২০২৩ ত ৮৬৪ টা বিধানসভা সমষ্টিত নিৰ্বাচন...
ক'লৈ গ'ল জেছমিন? চাৰিদিনে নাই সন্ধান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in