ডিজিটেল ডেস্কঃ অন্ত পৰিলে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। মিজোৰাম, ছত্তিশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ এই বিধানসভা নিৰ্বাচন আগন্তুক লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে পৰিগণিত হৈছে। এই নিৰ্বাচনৰ ফলাফলে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ এক সম্যক ধাৰণা যে দিব সেয়া নিশ্চিত।
বিভিন্ন সংবাদ সংস্থাই ৩০ নৱেম্বৰ ২০২৩, বৃহস্পতিবাৰে তেলেংগানাৰ ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে নিৰ্বাচন আয়োগৰ অনুমতি সাপেক্ষে সন্ধিয়া ৫-৩০ বজাৰ পৰা প্ৰকাশ কৰিছে এক্সিট পোল।
৪০ খন আসনৰ মিজোৰাম বিধানসভা নিৰ্বাচন যোৱা ৭ নৱেম্বৰত এটা পৰ্যায়ত সফলতাৰে সম্পন্ন হৈ যায়। ৰাজ্যখনত ক্ষমতা দখলৰ বাবে মেজিক নম্বৰ ২১। এ বি পি চি ভোটাৰৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত বৰ্তমান শাসকীয় মিজো নেচনেল ফ্ৰণ্টেই পুনৰ ক্ষমতা দখল কৰিব। সংস্থাটোৰ এক্সিট পোল অনুসৰি মিজো নেচনেল ফ্ৰণ্টে ১৫ ৰ পৰা ২১ খন আসন দখল কৰিব। ইয়াৰ বিপৰীতে জোৰাম পিপলছ মোভমেণ্ট চমুকৈ জেড পি এমে ১২ ৰ পৰা ১৮ খন আসন দখল কৰিব। কংগ্ৰেছে লাভ কৰিব ২ ৰ পৰা ৮ খন আসন।
সেইদৰে ৰিপাব্লিকৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত এম এন এফে ১৭ ৰ পৰা ২২ খন আসন দখল কৰি চৰকাৰ গঠন কৰিব। ইয়াৰ বিপৰীতে জেড পি এমে ৭ ৰ পৰা ১২ খন আসন লাভ কৰিব। কংগ্ৰেছে পাব ৭ ৰ পৰা ১০ খন আসন।
আনহাতে ইণ্ডিয়া টুডে' চি এন এক্সৰ মতে এম এন এফে ১৪ ৰ পৰা ১৮ খন, জেড পি এমে ১২ ৰ পৰা ১৬ খন, কংগ্ৰেছে ৮ ৰ পৰা ১০ খন আৰু বিজেপিয়ে ০ অথবা ২ খন আসন লাভ কৰিব পাৰে।
জন কি বাটৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত এম এন এফে ১০ ৰ পৰা ১৪ খন, জেড পি এমে ১৫ ৰ পৰা ২৫ খন, কংগ্ৰেছে ৫ ৰ পৰা ৯ খন, বিজেপিয়ে ০ ৰ পৰা ২ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
দুটা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হৈ যোৱা ছত্তিশগড় বিধানসভাৰ মুঠ আসন ৯০ খন। ৰাজ্যখনৰ ক্ষমতা দখলৰ বাবে প্ৰয়োজন ৪৬ খন আসন। বৰ্তমান কংগ্ৰেছৰ দখলত থকা ৰাজ্যখনত পুনৰ কংগ্ৰেছেই ক্ষমতা দখল কৰিব বুলি এক্সিট পোলত বিভিন্ন সংস্থাই দাবী কৰিছে।
এ বি পি চি ভোটাৰৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত কংগ্ৰেছে ৪১ ৰ পৰা ৫৩ খন আসন দখল কৰি চৰকাৰ গঠন কৰিব। বিজেপিয়ে ৩৬ ৰ পৰা ৪৮ খন আসন লাভ কৰিব। সংবাদ সংস্থা দৈনিক ভাস্কৰৰ মতে আকৌ ইয়াত কংগ্ৰেছে ৪৬ ৰ পৰা ৫৫ খন আসন দখল কৰিব। বিজেপিয়ে পাব ৩৫ ৰ পৰা ৪৫ খন আসন।
এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত কংগ্ৰেছে ৪০ ৰ পৰা ৫০ খন আসন লাভ কৰিব। বিজেপিয়ে পাব ৩৬ ৰ পৰা ৪৬ খন আসন। টিভি-৫ নিউজৰ মতে ইয়াত কংগ্ৰেছে ৫৪ ৰ পৰা ৬৬ খন আসন, বিজেপিয়ে ২৯ ৰ পৰা ৩৯ খন আসন লাভ কৰিব।
জন কি বাটৰ মতে আকৌ বিজেপিয়ে ৩৪ ৰ পৰা ৪৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪২ ৰ পৰা ৫৩ খন আসন লাভ কৰিব। টুডেছ চাণক্যৰ মতে আকৌ এই ৰাজ্যখনত কংগ্ৰেছে ৫৭ (+-৮) খন আসন লাভ কৰিব। বিজেপিয়ে ৩৩ (+-৮)খন আসন লাভ কৰিব। অন্যান্যই পাব ০০ (+-৩) খন আসন।
ইণ্ডিয়া টিভি- চি এন এক্সৰ এক্সিট পোল অনুসৰি আকৌ ইয়াত কংগ্ৰেছে ৪৬ ৰ পৰা ৫৬ খন আসন, বিজেপিয়ে ৩০ ৰ পৰা ৪০ খন আসন লাভ কৰিব। অন্যান্যই পাব ৩ ৰ পৰা ৫ খন আসন।
২৩০ খন বিধানসভা আসনৰ মধ্যপ্ৰদেশৰ নিৰ্বাচন ১৭ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। ৰাজ্যখনত ক্ষমতা দখলৰ বাবে প্ৰয়োজন ১১৬ খন আসনৰ। এ বি পি চি-ভোটাৰৰ এক্সিট পোল অনুসৰি বিজেপিৰ দখলৰ থকা এই ৰাজ্যখন এইবাৰ কংগ্ৰেছে দখল কৰাৰ সম্ভাৱনা আছে। সংবাদ সংস্থাটোৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত কংগ্ৰেছে ১১৩ ৰ পৰা ১৩৭ খন আসন লাভ কৰিব। শাসকীয় বিজেপিয়ে পাব ৮৮ ৰ পৰা ১১২ খন আসন। ইয়াৰোপৰি বি এছ পিয়ে ১ ৰ পৰা ৫ খন আৰু অন্যান্যই ১ ৰ পৰা ৬ খন আসন লাভ কৰিব।
টুডেছ চাণক্যৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত কংগ্ৰেছে ৭৪ (+- ১২) খন, বিজেপিয়ে ১৫১ (+- ১২) খন আৰু অন্যান্যই ৫ (+- ৪) খন আসন লাভ কৰিব। দৈনিক ভাস্কৰৰ এক্সিচ পোল অনুসৰি কংগ্ৰেছে ১০৫ ৰ পৰা ১২০ খন, বিজেপিয়ে ৯৫ ৰ পৰা ১১৫ খন আসন লাভ কৰিব।
ৰিপাব্লিকৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে ৯৭ ৰ পৰা ১০৭ খন আসন, বিজেপিয়ে ১১৮ ৰ পৰা ১৩০ খন আসন লাভ কৰিব। অন্যান্যই পাব ০ ৰ পৰা ২ খন আসন। জন কি বাটৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত বিজেপিয়ে ১০০ ৰ পৰা ১২৩ খন আসন লাভ কৰিব। কংগ্ৰেছে পাব ১০২ ৰ পৰা ১২৫ খন আসন। অন্যান্যই পাব ০ ৰ পৰা ৫ খন আসন।
২০০ খন আসনৰ ৰাজস্থানৰ ক্ষমতা দখলৰ বাবে প্ৰয়োজন ১০১ মেজিক নম্বৰৰ। এই সংখ্যা যি ৰাজনৈতিক দলেই লাভ কৰিব বা যি ৰাজনৈতিক মিত্ৰজোঁটে লাভ কৰিব তেওঁলোকেই ক্ষমতা দখল কৰিব। কংগ্ৰেছৰ দখলত থকা ৰাজস্থান এইবাৰ অৱশ্যে বিজেপিৰ দখললৈ যোৱাৰ ইংগিত দিছে বিভিন্ন সংবাদ সংস্থাৰ এক্সিট পোলে।
এ বি পি চি ভোটাৰৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত কংগ্ৰেছে ৭১ ৰ পৰা ৯১ খন আসন দখল কৰিব। ইয়াৰ বিপৰীতে বিজেপিয়ে পাব ৯৪ ৰ পৰা ১১৪ খন আসন। আনহাতে অন্যান্যই পাব ০ ৰ পৰা ১৯ খন আসন।
এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত অৱশ্যে কোনো এটা দলেই ক্ষমতা দখল কৰিবলৈ সক্ষম নহ'ব। ইয়াত কংগ্ৰেছে ৯৬, বিজেপিয়ে ৯০ আৰু অন্যান্যই ১৩ খন আসন লাভ কৰিব। টাইমছ নাওঁৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত বিজেপিয়ে ১০৮ ৰ পৰা ১২৮ খন, কংগ্ৰেছে ৫৬ ৰ পৰা ৭২ খন আসন লাভ কৰিব। জন কি বাটৰ সমীক্ষা অনুসৰি আকৌ বিজেপিয়ে ১০০ৰ পৰা ১২২ খন আসন, কংগ্ৰেছে ৬২ ৰ পৰা ৮৫ খন আসন আৰু অন্যান্যই ১৪ ৰ পৰা ১৫ খন আসন লাভ কৰিব।
আজি অনুষ্ঠিত হৈ যোৱা তেলেংগানা তেলেংগানা বিধানসভা নিৰ্বাচনত পাছতে প্ৰকাশ পোৱা চি এন এনৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে ৫৬ খন, বি আৰ এছে ৪৮ খন বিজেপিয়ে ১০ খন, এ আই এম আই এমে ৫ খন আসন লাভ কৰিব। জন কি বাটৰ এক্সিট পোল অনুসৰি কংগ্ৰেছে ৪৮ ৰ পৰা ৬৪ খন, বি আৰ এছে ৪০ ৰ পৰা ৫৫ খন, বিজেপিয়ে ৭ ৰ পৰা ১৩ খন আৰু এ আই এম আই এমে ৪ ৰ পৰা ৭ খন আসন লাভ কৰিব।
টুডেছ চাণক্যৰ এক্সিট পোল অনুসৰি বিজেপিয়ে ৰাজ্যখনত +৭ (+-৫) খন, কংগ্ৰেছে +৭১ (+-৯), বি আৰ এছে ৩৩ (+-৯) খন আৰু অন্যান্যই ৮ (+-৩) খন আসন লাভ কৰিব।