বান্ধৱীৰ জন্মদিন খাবলৈ গৈ গ্ৰেপ্তাৰ হ'ল ৫ মুছলমান যুৱক

বান্ধৱীৰ জন্মদিন খাবলৈ গৈ গ্ৰেপ্তাৰ হ'ল ৫ মুছলমান যুৱক

ডিজিটেল ডেস্ক : ধৰ্ম আৰু শ্ৰেণী বিভাজনে চানি ধৰিছে দেশক । তৃতীয় বিশ্বৰ এখন দেশৰ বাবে যি সময়ত সকলোতকৈ গুৰুত্বপূৰ্ণ কৰ্তব্য আছিল সৰ্বাংগিন উন্নয়ন সেই সময়তেই ৰাজনৈতিক পৃষ্ঠপোষকতাত চলি অহা দলসমূহ আৰু সেই দলসমূহৰ সাংগো-পাংগ সকলৰ বাবে এতিয়া ধৰ্মীয় আৰু শ্ৰেণী বিভাজনৰ বিষবাষ্প বিয়পি পৰিছে দেশখনত । কিন্তু কোনে নিৰ্ধাৰণ কৰে কোনটো ধৰ্ম শ্ৰেষ্ঠ বুলি ? ধৰ্ম কেৱল উপাসনাৰ মাধ্যম নাছিল জানো ? তেনেস্থলত ধৰ্মৰ ওপৰত ভিত্তি কৰি কিদৰে আটক কৰা হয় দেশখনৰ নাগৰিকক ?

এই ঘটনা মধ্য প্ৰদেশৰ ইন্দোৰৰ । এগৰাকী যুৱতীৰ জন্মদিনৰ পাৰ্টীলৈ আমন্ত্ৰণ কৰা হৈছিল ৫ জন যুৱকক । কিন্তু জন্মদিনৰ পাৰ্টীত নিমন্ত্ৰিত অতিথিসকলৰ সৈতেই উপস্থিত হৈছিল বজৰং দল আৰু যুৱক কেইগৰাকীক মাৰ পিট কৰি চমজাই দিয়া হৈছিল ইন্দোৰৰ এম আই জি কলনীৰ আৰক্ষী থানাত । ইয়াৰ ওপৰিও যুৱতী গৰাকীক বলপূৰ্বক ভাৱে যুৱক কেইজনৰ বিৰুদ্ধে লাভ জিহাদৰ গোচৰ তৰিবলৈ কৈছিল বজৰং দলে । অৱশ্যে যুৱতী গৰাকী বিৰত থাকে এই ষড়যন্ত্ৰত বজৰং দলক সহায় কৰাত ।

এই ঘটনা বিগত শনিবাৰৰ, আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় বাৰ্মাই জনোৱা অনুসৰি, ৰবিবাৰেই যুৱক কেইজনক থানাৰ পৰা মুকলি কৰি দিয়াৰ কথা আছিল যদিও বৰ্তমানলৈ সেইয়া হৈ উঠা নাই ।

আনহাতে, বজৰং দলটোৰ নেতৃত্বত থকা মনোজ যাদৱৰ ভাষ্য অনুসৰি তেওঁলোকে হিন্দু আৰু মুছলমান লোক কেইগৰাকীমানে একেলগে জন্মদিন পালন কৰি থকা বুলি খবৰ লাভ কৰিছিল । তাৰেই ভিত্তিত "জয় শ্ৰী ৰাম" ধ্বনিৰে উপস্থিত হৈছিল গৈ ঘটনাস্থলীত । সামাজিক মাধ্যমত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে দলটিৰ এই কাণ্ড ।

এতিয়া প্ৰশ্ন হয়, এই বিভাজন ক'ত শেষ হ'ব ? কেৱল ধৰ্মৰ ভিত্তিতেই একোজন লোক ভাল নে বেয়া সেইয়া কিদৰে কৈ দিব পৰা যায় ? যি সময়ত শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ বাবেই অভিযুক্তৰ বিপক্ষে আৰক্ষীয়ে সম্পূৰ্ণ তদন্তৰ পাছত সহস্ৰাধিক পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিব লগীয়া হ'ল ন্যায়ালয়ত । তেনে সময়ত এটি ৰাজনৈতিক দলৰ আশীষপুষ্ট সংগঠনে কিদৰে আইন হাতত তুলি নিৰস্ত্ৰ লোকক প্ৰহাৰ কৰিব পাৰে কেৱল ধৰ্মৰ ভিত্তিত ? এইয়া জানো আইন বিৰোধী নহয় ?     

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in